প্ৰতিকী ফটো,উৎস ইন্টাৰনেট OfficeChai
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট OfficeChai

লংকাঃ চীন-ভাৰতৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে চীনা সামগ্ৰী বৰ্জনৰ দাবীত ৰাজ পথলৈ ওলাই আহিল ছাত্ৰ-ছাত্ৰী৷ পাঠদান ক্ষতি কৰি দেশৰ হকে দহৰ হকে চিন্তা কৰি ছাত্ৰ-ছাত্ৰী সকলে চীনৰ বিৰুদ্ধে হুংকাৰ দি স্বদেশী সামগ্ৰী ব্যৱহাৰৰ আহ্বান জনায় ৰাজ্যৰ প্ৰতিগৰাকী লোকক৷

হোজাই জিলাৰ লংকাৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰী সকল আজি ৰা জ পথলৈ ওলাই আহি চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনাই পৰিবেশ উত্তাল কৰি তোলে৷ বিদ্যালয় খনৰ আচাৰ্য-আচাৰ্য্যাই তথা নিকেতন পৰিচালনা সমিতিয়ে স্বদেশী জাগৰণ মঞ্চৰ উত্তৰ অসম সমিতিৰ উদ্যোগত চীনা সামগ্ৰী বৰ্জন তথা স্বদেশী সামগ্ৰীৰ ব্যৱহাৰৰ আহ্বান  শনিবাৰে সমদল উলিয়ায৷

বিশেষকৈ ভাৰতবৰ্ষত চীনৰ আগ্ৰসান প্ৰতিৰোধ কৰি স্বদেশী সামগ্ৰী ব্যবহাৰ কৰাৰ মানসেৰে জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্যৰে লংকা শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰায় ৫ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে সমদলত অংশগ্ৰহণ কৰে৷ শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা লংকা চহৰৰ মাজেৰে সমদল কৰি ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ জনসাধাৰণক চীনা সামগ্ৰী বৰ্জন কৰি স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰাৰ আহ্বান জনায়৷