
নগাঁওঃ শৈক্ষিক পৰিবেশ বিনষ্ট হৈছে এখন বিদ্যালয়ত৷ গুৰু গোঁসাই নামানে শিক্ষকে৷ যাৰ ফলত শৈক্ষিক পৰিবেশ বিনষ্ট হৈছে বিদ্যালয় খনত৷ নগাঁও জিলাৰ খাগৰিজান প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত সোণাইপাৰ শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ত সম্প্ৰতি চৰম অৰাজক পৰিস্থিতি সৃষ্টি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷
বিদ্যালয়খনৰ আব্দুল বাৰেক নামৰ সহকাৰী শিক্ষক এগৰাকীয়ে সম্পূৰ্ণ মইমতালিৰে বিদ্যালয়ৰ প্ৰশাসনিক কাম-কাজত বলপূৰ্বক হস্তক্ষেপ কৰাৰ ফলত শৈক্ষিক পৰিবেশ বিনষ্ট হোৱা বুলি অভিযোগ উত্থাপিত হৈছে৷
মাহৰ অধিকাংশ দিনেই অকৰ্তৃত্বশীলভাৱে বিদ্যালয়ত উপস্থিত নথকা এই গৰাকী গুৰু গোঁসাই নমনা শিক্ষকে স্বয়ম্ভূ প্ৰধান শিক্ষকৰ ৰূপত অৱতীৰ্ণ হৈ কৌশলেৰে বিদ্যালয়ৰ আবন্টিত ধন হৰলুকি কৰাৰ বিপৰীতে মধ্যাহ্ন ভোজনৰ চাউল আৰু ধন আত্মসাৎ কৰাৰ মানসেৰে ছাত্ৰ-ছাত্ৰীক নিয়মীয়াকৈ দুপৰীয়া আহাৰ নিদিয়াৰ গুৰুত্বৰ অভিযোগ উঠিছে ৷
যাৰ পৰিণতিত আবন্টিত আচঁনিৰ চাউল বহুখিনি পচিবলৈ ধৰাৰ বিপৰীতে যোৱা জানুৱাৰী মাহৰ পৰা আজি পৰ্যন্ত আবন্টিত বুজন পৰিমাণৰ চাউল সমবায় সমিতিৰ এজেন্টৰ গুদামতে জমা থকা বুলি জানিব পৰা গৈছে৷
প্ৰকৃততে অৱসৰ গ্ৰহনৰ বাবে মাজতে মাত্ৰ কেইটামান দিনহে বাকী থকা বিদ্যালয়ৰ প্ৰধান শিক্ষকজনৰ অৱহেলা তথা ৰহস্যজনক নিৰৱতাৰ বাবে বিদ্যালয়ত উঠি ৰজা বহি ৰজাৰ দৰে হৈ পৰা এই গৰাকী দাম্ভীক প্ৰকৃতিৰ শিক্ষকে ভৱিষ্যতে প্ৰধান শিক্ষক হোৱাৰ লালসাতে স্থানীয় কেইজনমান লোকৰ সহযোগিতাত এনেদৰে অৰাজকতাৰ সৃষ্টি কৰি আহিছে৷
ফলত বিদ্যালয়ৰ আন শিক্ষক-শিক্ষয়িত্ৰীসকল শংকিত হৈ পৰাৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ণত স্বাভাবিকতেই বিৰূপ প্ৰভাৱ পৰিছে ৷ আনকি শিক্ষা বৃত্তিক কলুষিত কৰা আব্দুল বাৰেকে বিদ্যালয়ত প্ৰায়েই অনুপস্থিত থাকি ব্যক্তিগত বিদ্যালয়ত পঢ়োৱা নিজৰ সন্তানক বিদ্যালয়ৰ পৰা অনা-নিয়া কৰা আৰু নিজৰ ফাৰ্মাচীতহে অধিক সময় ব্যস্ত থকা বুলি অনুসন্ধান কৰি জানিব পৰা গৈছে৷
এইগৰাকী শিক্ষকৰ এনেবোৰ কৰ্মকাণ্ডত স্থানীয় সচেতন ৰাইজ ক্ষোভিত হৈ পৰে৷ প্ৰধান শিক্ষক হ’বলৈ মন মেলা এই শিক্ষকজনৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক তদন্ত কৰি শাস্তি বিহিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে৷