লংকাঃ ৰাজ্যৰ পৰা পুনৰ নিৰুদ্দেশ হ’ল মহিলা৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা মহিলা নিৰুদ্দেশৰ বা-বাতৰি প্ৰচাৰ হৈ থকাৰ মাজতে পুনৰ কাৰ্বি আংলং জিলাৰ দয়ং বজাৰৰ পৰা নিৰুদ্দেশ হ’ল এগৰাকী মহিলা৷

গংগা ঘোষ নামৰ মহিলাগৰাকী ২ বছৰ আগতে কাৰ্বি আংলঙৰ দয়ং বজাৰৰ নিবাসী সঞ্জীৱ ঘোষৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। এটি ১৩ মহীয়া সন্তানৰ মাতৃ গংগা ঘোষ ১৭ আগষ্ট তাৰিখে পৰিয়ালৰ লগত হোৱা অলপ বাক-বিতণ্ডাৰ বাবে স্বামী গৃহ এৰি আহিছিল৷

কিন্তু তাৰ পাছৰ পৰাই সন্ধানহীন হৈ আছে মহিলাগৰাকী৷ পৰিয়ালৰ লোকে কোনো দুষ্ট চক্ৰই মহিলাগৰাকীক অপহৰণ কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে৷

কাৰ্বি আংলং জিলাৰ দয়ং থানাত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে গোচৰু ৰুজু কৰাৰ পাছতো আৰক্ষীয়ে মহিলাগৰাকীৰ কোনো সম্ভেদ উলিয়াব নোৱাৰাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক৷