
পূৱ যোৰহাটঃ ভক্তিয়ে সৌন্দৰ্যৰ মূল৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজাড়িত পবিত্ৰ ভাদ মাহত ভক্তিৰ সাগৰত স্নান কৰি এবাৰ পবিত্ৰ হোৱাৰ মানসেৰে আজি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো ৰবিবাৰে ঐতিহসিক ধেকীয়াখোৱা নামঘৰত অগণন ভক্তৰ সমাগম ঘটে৷
অসমৰ বৈষ্ণৱ ধৰ্মৰ পীঠস্থান স্বৰূপ গুৰুজনাৰ সোঁৱৰণীত বৈষ্ণৱ গুৰু শ্ৰী শ্ৰী মাধৱ দেৱে প্ৰতিষ্ঠা কৰা আৰু ‘বুক অৱ এচিয়া’ৰ স্থান প্ৰাপ্ত এই ধৰ্মীয় স্থানলৈ আজি প্ৰবিত্ৰ ভাদ মাহৰ প্ৰথমটো দেওবাৰে গুৰুৰ আশীৰ্বাদ লবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তৰ সোত বয়৷
নামঘৰৰ পৰিচালনা সমিতিয়ে আজিৰ দিনটোত সমাগম ঘটা সকলো ভক্তক গুৰুজনাৰ শ্ৰীচৰণত পৰি আশাৰ্বাদ লবলৈ সু-ব্যৱস্থা কৰি দিয়ে৷