
কোকৰাঝাৰঃ অসম ৰাজ্যিক বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ ৰাজ্যত ভয়ানক ভাৱে বৃদ্ধি পাইছে মৃত্যুৰ ঘটনা ৷ অসম শক্তি বিতৰণ কোম্পানীৰ এচাম ঠিকাদাৰে যোগান ধৰা নিম্নগামী "এলই" মিশ্ৰিত তাঁৰৰ বাবেই এনেদৰে ৰাজ্যত মৃত্যুৰ ঘটনা বৃদ্ধি পোৱা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অসম ৰাজ্যিক শক্তি কৰ্মী সন্থাই৷
আজি কোকৰাঝাৰত অসম ৰাজ্যিক শক্তি কৰ্মী ইউনিয়নৰ ডেপুটি জেনেৰেল সম্পাদক অমিত কৰে সাংবাদিকৰ আগত কয় যে অসম শক্তি বিতৰণ কোম্পানীয়ে শেহতীয়াকৈ ৰাজ্যত 'দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা' শীৰ্ষক আচঁনিৰ যোগেদি এচাম ঠিকাদাৰৰ হতুৱাই নিম্নগামী বৈদ্যুতিক তাঁৰ ব্যৱহাৰ কৰাত ৰাজ্যত ভয়াৱহভাৱে বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি বহুতো লোকে মৃত্যুমুখত পৰিছে৷ "দীনদয়ালৰ নামত দুই নম্বৰী তাঁৰেৰে মানুহ মাৰিছে চৰকাৰে। এয়া সঁচাকৈয়ে পৰিতাপৰ কথা।"-এইদৰে কয় ইউনিয়নৰ আন এজন কৰ্ম-কৰ্তাই।
এইক্ষেত্ৰত অসম ৰাজ্যিক শক্তি কৰ্মী সন্থাই শক্তি বিতৰণ কোম্পানীক ঠিকাদাৰে যোগান ধৰা নিম্নগামী বৈদ্যুতিক তাঁৰ সমূহ পৰীক্ষা কৰিবলৈ দাবী জনোৱাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে৷ তেওঁ লগতে অতি শীঘ্ৰে শক্তি বিতৰণ কোম্পানীক ক্ৰটিপূৰ্ণ পুৰণি তাঁৰসমূহ সলোৱাৰ লগতে অসমত নিতৌ সংঘটিত হোৱা বৈদ্যুতিক দূৰ্ঘটনাসমূহ চালি-জাৰি চাই তদন্তৰ বাবে এখন চাৰ্ভে কমিটি গঠনৰ দাবী উত্থাপন কৰিছে৷
সন্থাই ৰাজ্যত শক্তি বিভাগটো পৰিচালনা কৰাত "মেন পাৱাৰ" কম থকা বুলি স্বীকাৰ কৰি অতি শীঘ্ৰে বিদ্যুৎ সংমণ্ডল সমূহত কৰ্তব্যৰত কৰ্মী সকলক সপ্তম দৰমহা আয়োগৰ অধীনত পে কমিচন দিয়াৰ দাবী কৰিছে ৷ অন্যথা অহা ৩০ ছেপ্তেম্বৰ নিৰ্ধাৰিত সময়সীমাৰ পিছতে সন্থাই ৭২ ঘন্টীয়া কৰ্মবিৰতি আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ দিয়ে৷
উল্লেখ্য যে অসম ৰাজ্যিক শক্তি কৰ্মী সন্থাই আজি কোকৰাঝাৰৰ লগতে সাপটগ্ৰামত সন্থাৰ শাখা সমিতি গঠন কৰাৰ কথাও সদৰী কৰে৷ ইয়াৰে কোকৰাঝাৰ শাখা সমিতিৰ সভাপতি হিচাপে বিজয় কুমাৰ ব্ৰহ্ম আৰু সম্পাদক হিচাপে সুশাংক ব্ৰহ্মক লৈ ৩৫ জনীয়া নতুন সমিতি গঠন কৰাৰ লগতে সাপটগ্ৰাম শাখা সমিতিত সভাপতি হিচাপে চন্দন কুমাৰ পাল আৰু সম্পাদক হিচাপে গোবিন্দ মণ্ডলক লৈ ১৫ জনীয়া এখন সমিতি গঠন কৰা হয় ৷