ডিব্ৰুগড়ঃ ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে ডিব্ৰুগড় জিলাতো কেইবাশতাধিক লোকে বানৰ কবলত পৰি হাহাকাৰ কৰিব লগা হৈছে৷ শনিবাৰে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া অজয় শংকৰ তিৱাৰীয়ে জিলা খনৰ বানৰ কবলত পৰি আশ্ৰয় শিবিৰত থকা লোকসকলৰ তথা বানপীড়িত অঞ্চল সমূহ পৰিভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লয়৷

ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ প্ৰধান সচিব অজয় শংকৰ তিৱাৰীয়ে  ৰাজ্য চৰকাৰৰ বিশেষ নিৰ্দেশত ডিব্ৰুগড় জিলাৰ পশ্চিম ৰাজহ চক্ৰৰ অন্তৰ্গত কলাখোৱা চাৰিআলি, কলাখোৱা গজাই গাঁও, ইটাখুলি চাকৈ পথাৰ গাঁও আৰু বগীবিল গাঁও ভ্ৰমণ কৰি মূলত প্ৰশাসনে প্ৰদান কৰা সাহায্যৰ বুজ লয়৷

বানৰ পৰবৰ্ত্তী পৰ্যায়ত কৃষি ক্ষেত্ৰত তথা বিভিন্ন বিভাগেৰ কৰণীয় সন্দৰ্ভত বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ বানাক্ৰান্তক সকলো সম্ভৱ সহায় কৰিবলৈ নিৰ্দেশন প্ৰদান কৰে৷ বানত ক্ষতিগ্ৰস্ত বগীবিল ৰিং বান্ধো পৰিদৰ্শন কৰো৷ মেৰামতিৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰয়োজনীয় পদক্ষেপ সম্পৰ্কে উপস্থিত ৰাইজক অৱগত কৰে৷

চৰকাৰী তথ্য মতে জিলাখনৰ চাবুৱা, মৰাণ, টেঙাখাত, ডিব্ৰুগড় পূৱ আৰু পশ্চিম ৰাজহ চক্ৰ এলেকাৰ মুঠ ১১১ খন গাঁৱৰ ৭০,২২০ গৰাকী লোক আক্ৰান্ত হয় হয় বুলি জানিব পৰা গৈছে। ইয়াৰে ১২,৯৬১ গৰাকী লোক ২৯টা বান আশ্ৰয় শিৱিৰত আশ্ৰয় গ্ৰহম কৰি আছে। আশ্ৰয় শিৱিৰত থকা সকলৰ লগতে বানাক্ৰান্ত সকলৰ মাজত মুঠ ১৪৩৯.৩৫ কুইন্টল চাউল, ২৬৩.২২ কুইন্টল দাইল, ৭৯.১২ কুইন্টল নিমখ খাদ্য সামগ্ৰীৰ লগতে ৯৪ খন ত্ৰিপাল আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে।

বানাক্ৰান্ত ৰাইজৰ চিকিৎসাৰ সুবিধাৰ্থে এতিয়ালৈকে ১২০ টা ভ্ৰাম্যমান চিকিৎকৰ দল নিয়োজিত কৰাৰ লগতে ১৫টা পশু চিকিৎসা শিৱিৰ স্থাপন কৰি পশুধনৰ চিকিৎসা প্ৰদান কৰাৰ উপৰিও ৰাষ্ট্রীয় আৰু ৰাজ্যিক দূৰ্যোগ সঁহাৰি দলে বানাক্ৰান্ত এলেকাৰ পৰা ২০৫০ গৰাকী লোকক উদ্ধাৰ কৰে।

জনস্বাস্থ্য কাৰিকৰী বিভাগে শিৱিৰবিলাকত ১,৬৯.০০০ পেকেট বিশুদ্ধ খোৱাপানীৰ লগতে পানী বিশুদ্ধকৰণৰ বাবে ১,৪৩.৫০০ টা হেলজেন টেবলেট যোগান ধৰে। এইবাৰৰ বানত মৃত্যু হোৱা ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰৰ অন্তৰ্গত বগীবিল গাঁৱৰ মোহিত গগৈৰ পৰিয়ালক ইতিমধ্যে ৪ লাখ টকা এককালীন সাহায্য আগবঢ়োৱা বুলিও চৰকাৰী তথ্যত প্ৰকাশ পায় যদিও একাংশ দল-সংগঠনে বানাক্ৰান্তই পৰ্যাপ্ত সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে৷