
মুকালমুৱাঃ ৰাজ্যৰ একমাত্ৰ আঞ্চলিক দল অসম গণ পৰিষদে ন’ ৰূপত ৰাইজৰ মাজলৈ ওলাই আহিছে৷ ককালত তঙালী বান্ধি আগন্তক পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ কৰিছে দলটোৱে৷ অকলে পঞ্চায়ত নিৰ্বাচন খেলিবলৈ সাজু হোৱা দলটোৰ নেতাসকলে ৰাজ্যৰ প্ৰতিটো সমষ্টিত সভা-সমিতি অনুষ্ঠিত কৰি দলটোক শক্তিশালী কৰিবলৈ উঠিপৰি লাগিছে৷
নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ তাপাবড়ীত আজি অসম গণ পৰিষদৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়৷ আগন্তক পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজোৱাৰ উদ্দেশ্যে অনুষ্ঠিত সভাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নেতা আক্ৰাম হুছেইনে অগপৰ উত্থান হোৱা বুলি কয় ৷
বৰক্ষেত্ৰী সমষ্টিৰ বৰতলা-জয়সাগৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত তাপাবড়ী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সভাখনত প্ৰায় পাচ শতাধিক অসম গণ পৰিষদৰ নেতা কৰ্মী উপস্থিত থাকে৷ অসম গণ পৰিষদৰ নলবাৰী জিলাৰ সমিতিৰ উপ-সভাপতি যোগোদা চৰন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতা আক্ৰাম হুছেইনকে ধৰি ভালেকেইজন কেন্দ্ৰীয় নেতা উপষ্ঠিত থকাৰ উপৰিও নলবাৰী জিলাৰ সভাপতিকে ধৰি বহু নেতা-কৰ্মী উপস্থিত থাকে৷
আগন্তক পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদে অকলেই যুজি ক্ষমতা দখল কৰিব বুলিও মন্তব্য কৰে দলটোৰ কেন্দ্ৰীয় নেতা আক্ৰাম হুছেইনে৷ কংগ্ৰেছৰ ১৫ বছৰ আৰু বিজেপিৰ ১৫ মাহৰ শাসনত ইতিমধ্য অসমৰ জনসাধৰনে অতিষ্ঠ হৈ অসম গণ পৰিষদক আকোৱালি লৈছে বুলি মন্তব্য কৰি অগপ আকৌ ৰাজ্যৰ শাসনত আহি আছে বুলি কয় কেন্দ্ৰীয় নেতা আক্ৰাম হুছেইনে৷
নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত আগন্তক পঞ্চায়ত নিৰ্বাচনত বিৰোধী দলক কিদৰে ৰুধিব পাৰে সেই সংক্ৰান্ততো বহু গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় সভাখনত৷ ৬০ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ আগন্তক পঞ্চায়ত নিৰ্বাচনৰ বাবে এখন নিৰ্বাচনী সমষ্টি সমিতিও গঠন কৰা হয়৷