গোৰেশ্বৰঃ ৰাষ্টীয় নাগৰিক পঞ্জীক লৈ ৰাজ্যবাসীৰ মাজত ভিন্ন প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে পোহৰলৈ আহিছে এনআৰচিৰ হৈ কাম কৰি থকা নিবনুৱা যুৱক-যুৱতীক প্ৰতাৰিত কৰিব বিচৰা আন কেতবোৰ তথ্য। ৰাষ্টীয় নাগৰিকপঞ্জীৰ কাম কাজ সুকলমে চলাই নিবলৈ এনআৰচিৰ তৰফৰ পৰা ৰাজ্যখনৰ বহু যুবক-যুবতীক ডাটা এন্ট্ৰি এক্সুউকেটিভ (ডিইই) হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল।

এনআৰচিয়ে ডাটা এন্ট্ৰি কৰাৰ দায়িত্ব প্ৰদান কৰে উইপ্ৰো কোম্পানীক। উইপ্ৰো কোম্পানীৰ সৈতে চাব কন্টেক লৈ আই এচ এচ কোম্পানীটোৱেও ডাটা এন্ট্ৰিৰ কাম কাজ সমূহ চোৱা চিতা কৰি আছিল। আনহাতে দুয়োটা কোম্পানীয়ে ৰাজ্যৰ বহু নিৱনুৱা শিক্ষিত যুবক-যুবতীক ডাটা এন্ট্ৰি এক্সুউকেটিভ হিচাপে এনএচকে অৰ্থাৎ ৰাষ্টীয় নাগৰিকপঞ্জী সেৱা কেন্দ্ৰ সমূহত নিযুক্তি দি কাম চলাই আহিছে।

এন আৰ চি ৰ কাম যিহেতু চলি আছে সেয়ে এই সকল শিক্ষিত নিবনুৱাই বৰ্তমানয়েও কাম কৰি আছে যদিও তেওঁলোক প্ৰাপ্য মজুৰিৰ ক্ষেত্ৰত প্ৰতাৰিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে এই সকল যুবক যুবতীক প্ৰতি মাহে ৫০৫০ (পাঁচ হাজাৰ পঞ্চাশ ) টকাকৈ মাহিলী মজুৰি প্ৰদান কৰি আহিছে কোম্পানীয়ে। কিন্তু কোম্পানীয়ে ডিইইৰ বাবদ প্ৰতি মাহে ১৪, ৫০০ (চৈধ্য হাজাৰ পাঁচশ) টকাকৈ এনআৰচিৰ পৰা লাভ কৰাৰ তথ্য এক বিশেষ সূত্ৰ যোগে জানিব পৰা গৈছে।

সেয়েহে ২০১৫ চনৰ মাৰ্চ মাহৰ পৰা দায়িত্ব পালন কৰি থকা ডিইই সকলে এতিয়া মাহিলি ৯৪৫০ (ন হাজাৰ চাৰিশ পঞ্চাশ) টকাকৈ বকেয়া হিচাপে চৰকাৰৰ পৰা বিচাৰি আন্দোলন পথ ল'ব লগা হৈছে। এই সকল প্ৰতাৰিত শিক্ষিত যুবক যুবতীয়ে সংগঠিত হোৱাৰ উদ্দেশ্যেৰে যোৱা ১৭ আগষ্টত গুৱাহাটীস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত মিলিত হয়।

অসমৰ প্ৰায় ২২ খন জিলাৰ ডিইইৰ উপস্থিতিত এখনি সাধাৰণ সভা সিদিনা অনুষ্ঠিত হৈ যায়। সভাত ডাটা এন্ট্ৰি এক্সুউকেটিভ সকলৰ সৰ্বসন্মতিক্রমে "সদৌ অসম এনআৰচি ডিইই সংন্থা" নামে সংগঠনটোৰ জন্ম দিয়া হয়। সংন্থাৰ সভাপতি হিচাপে গিতুল বৈশ্য আৰু সম্পাদক হিচাপে আব্দুল ৰচিদ আহমেদক দায়িত্ব প্ৰদান কৰা হয়। সভাত এনআৰচি ৰ কামৰ দায়িত্ব গ্ৰহণ কৰা উইপ্ৰো আৰু আই এচ এচ য়ে ডিইই সকলক মাহিলী দৰমহাৰ ক্ষেত্ৰত কৰি অহা প্ৰতাৰণা আৰু এনআৰচিত তেওঁলোকৰ অৰাজকতাক তীব্র ভাষাৰে গৰিহণা দি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। শীঘ্ৰেই তেওঁলোকৰ দাবী পূৰণ নকৰিলে কৰ্মবিৰতিকে ধৰি বিভিন্ন গণতান্ত্রিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিছে।