
বঙাইগাঁওঃ ব্যস্ততাৰো ভিন্নতা থাকে৷ প্ৰতিদিনে জ্ঞানৰ আদান-প্ৰদানতেই ব্যস্ত থকা বঙাইগাঁৱৰ বীৰঝৰা কন্যা মহাবিদ্যালয়ত দেওবাৰে দেখা গ’ল আন এক ব্যস্ততাময় পৰিবেশহে৷ কোনোবাই যদি গীত গাইছে, কোনোবাই আকৌ নৃত্যৰে সকলোকে মুগ্ধ কৰিছে৷ আন কোনোবাই আকৌ মেলি দিছে স্মৃতিৰ সফুঁৰা৷
২৫ টা বছৰত ভৰি দিয়া পশ্চিম অসমৰ ভিতৰতে নাৰী শিক্ষাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান বঙাইগাঁও সদৰস্থিত বীৰঝৰা কন্যা মহাবিদ্যালয় এনেদৰেই জীপাল হৈ উঠিল দেওবাৰে৷ বীৰঝৰা কন্যা মহাবিদ্যালয়ে দেওবাৰে গৌৰৱোজ্জ্বল ২৪ টা বৰ্ষ অতিক্ৰমি ২৫ সংখ্যক বৰ্ষত ভৰি দিছে৷
ইয়াৰ বাবেই মহাবিদ্যালয়খনিয়ে উদযাপন কৰিছে ৰূপালী জয়ন্তী বৰ্ষ৷ দেওবাৰে এদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কৰা হয়৷ কাৰ্যসূচী অনুসৰি পুৱা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পুলিন চন্দ্ৰ চৌধুৰীয়ে মূল পতাকাখন উত্তোলন কৰাৰ সমান্তৰালভাৱে বিভিন্ন ক্ষেত্ৰৰ ২৫ গৰাকী ব্যক্তিয়ে ২৫ খন পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ লগে লগে ২৫ টা শংখ, ২৫ যোৰ ভোৰ-তাল আৰু ২৫ টা বৰ কাঁহৰ মংগল-বাদ্য ধ্বনিৰে চৌদিশ ৰজনজনাই উঠে৷
মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি তথা স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীয়ে মহাবিদ্যালয়ৰ স্থায়ী তোৰণৰ লাইখুটা স্থাপন কৰাৰ পিচত দিনৰ ১২ বজাত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত মহাবিদ্যালয়খনৰ সৈতে জন্মলগ্নৰ পৰা জড়িত হৈ থকা শতাধিক ব্যক্তি তথা শুভাকাংক্ষীক সম্বৰ্ধনা জনোৱা হয়৷
বিয়লি অনুষ্ঠিত "গল্প-কথা" বিষয়ক জনপ্ৰিয় বক্তৃতা অনুষ্ঠানত বিশিষ্ঠ সাহিত্যিক তথা আগশাৰীৰ অসমীয়া মাহেকীয়া আলোচনী “সাতসৰী"ৰ কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্যৰ কথা আৰু কণ্ঠশিল্পী মিতালী দে’ৰ গীতৰ যুগলবন্দীয়ে দৰ্শকসকলক ব্যতিক্ৰমী ৰসৰ স্বাদ দিয়ে৷
সন্ধিয়া মহাবিদ্যালয়খনৰ সাংস্কৃতিক অনুষ্ঠানখনত মহাবিদ্যালয়খনৰ প্ৰাক্তন তথা বৰ্তমানৰ ছাত্ৰীসকলে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰি সন্ধিয়াটো মুখৰিত কৰি তোলে৷