জাজৰিঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিত কৃতী ছাত্র-ছাত্রীক সুহৃদ আঁচনিৰ জৰিয়তে এককালীন বৃত্তিৰ চেক প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷

সমষ্টিটোৰ অন্তৰ্গত বৰচিলা গাঁওপঞ্চায়ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত সভাত ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ জিলাৰ সম্পাদক আকাশদ্বীপ ডেকা, বিজেপিৰ দলংঘাট মণ্ডলৰ সভাপতি যজ্ঞেশ্বৰ বৰা, ভাৰতীয় যুব মৰ্চাৰ দলংঘাট মণ্ডলৰ সভাপতি ৰিপুঞ্জয় শইকীয়া, তপন শইকীয়া, ত্রিদিপ হাজৰিকা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ মাজত চেক বিতৰণ কৰে৷