
তেজপুৰঃ অসমৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া আলফা এতিয়া মানুহৰ বাবে এটা নাম মাথোন৷ সেই তাহানি নিজে খাই থকা কাঁহীখনৰ এগৰাহ ভাতেৰে যঁচা অসমীয়াৰ মৰমবোৰ এতিয়া কেৱল স্মৃতিৰ পাততেই আৱদ্ধ৷ বহু পিতৃক, বহু ভাতৃক সেনাই গুলিয়াই মাৰিলে৷ যিকেইজন বাচিল, প্ৰলোভনৰ সূতাৰে বান্ধি চৰকাৰে উভটাই লৈ আহিল৷ এটা সপোনৰ বিনিময়ত অথবা এটা সুখী ভৱিষ্যতৰ স্বাৰ্থত তেওঁলোক ৰৈ গ’ল স্বাধীনতাৰ হেপাঁহ পাহৰি৷
কিন্তু কিমান কৰিলে চৰকাৰে তেওঁলোকৰ বাবে৷ মাথো কেইজনমান প্ৰতিপত্তিশীলৰ বাহিৰে বাকীবোৰ তেনেদৰেই ৰৈ গ’ল চৰকাৰৰ দৃষ্টিৰ বাহিৰত৷ এদিন স্বাধীনতাৰ সোপান ৰচা সংগ্ৰামীবোৰ হৈ পৰিল শ্ৰমিক অথবা মজদুৰ৷
সংগ্ৰামৰ ভাষাৰে স্বাধীনতাৰ ছৱি আঁকা বাদ দি মূলসুঁতিলৈ ঘুৰি অহা তেজপুৰৰ একাংশ আলফাই এতিয়া চৰকাৰৰ সহায়ৰ আশা বাদ দি কৰ্ম বিপ্লবেৰে জগত জিনাৰ প্ৰয়াসত নামিছে৷ তেজপুৰ ইতিহাসৰ চানেকী অগ্নিগড়ৰ নামাকৰণেৰে ‘অগ্নিগড় সমবায় সমিতি’ নামৰ সমবায় এখনেৰে নিজকে কৃষি কৰ্মত নিয়োজিত কৰিবলৈ প্ৰস্তুতি চলাইছে৷
বতৰৰ বিভিন্ন ফচল উৎপাদন কৰি নিজৰ লগতে অঞ্চলটোক স্বাৱলম্বী ৰূপে গঢ় দিয়াৰ পৰিকল্পনাৰে ইতিমধ্যে পান্না কোচক সভাপতি আৰু ৰমেন সুতক সম্পাদক হিচাপে লৈ এখন সমিতিও গঠন কৰিছে।