
খেৰণিঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙত আজিও অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি ধন-জনৰ বিস্তৰ ক্ষতি কৰি আহিছে৷ ইয়াৰ মাজতে, পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত সৰু মাটিখোলাত যোৱা নিশা জাকৰ মাজৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে বিমল চাংমা, চিৰ’ মাৰাক আৰু আগেনেছ চাংমাৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে৷
দেওবাৰে নিশা বৰষুণ দি থকাৰ সময়তে বনৰীয়া হাতীটোৱে গাওঁখনত প্ৰৱেশ কৰি বিমল চাংমা, চিৰ’ মাৰাক আৰু আগেনেছ চাংমাৰ বাসগৃহ ভাঙি পেলায়৷ বিমল চাংমাৰ বাসগৃহৰ এটা শোৱনীকোঠা ভাঙি লণ্ড-ভণ্ড কৰাৰ সময়ত কোঠালিটোত শুই আছিল মাতৃসহ তিনি সন্তান৷
সৌভাগ্যক্ৰমে কোঠা ভঙাৰ শব্দ পায় চাৰিও কোঠা এৰি পলায়ণ কৰি সন্তান সহ প্ৰাণ ৰক্ষা কৰে মাতৃগৰাকীয়ে৷ হাতীটোৱে চিৰ’ মাৰাক আৰু আগেনেছ চাংমাৰ ঘৰ ভাঙি ভঁৰালৰ ধান উলিয়াই ভক্ষণ কৰে হাতীটোৱে৷ ইপিনে একেটা নিশাতে সৰু মাটিখোলাৰ পৰা ৪ কিমি আঁতৰৰ মেকবে-হিদি নামৰ গাঁও খনৰো দুটাকৈ পৰিয়ালৰ ঘৰ ভাঙে বনৰীয়া হাতীটোৱে৷