তেজপুৰঃ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিবলৈ সক্ষম হৈছে তেজপুৰ বিশ্ববিদ্যালয়। ১৩১-১৪০ ৰ ভিতৰত স্থান লাভ কৰা বিশ্ববিদ্যালয়খনৰ সৈতে একে স্থানত আছে দিল্লী বিশ্ববিদ্যালয়ে।

টাইমচ হায়াৰ এডুকেশ্যন এছিয়ান ইউনিভাৰ্চিটি ৰেংকিংচ ২০১৭ৰ তালিকাত বিভিন্ন শিতানত ৩৩ টা স্থান দখলেৰে এছিয়া মহাদেশৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমুহৰ ভিতৰত থাকিবলৈ সক্ষম হৈছে ভাৰতবৰ্ষ।

একেদৰে তালিকাত ২৭তম স্থান দখল কৰিছে ইণ্ডিয়ান ইনষ্টিটিউট অব চায়েন্স, বেংগালুৰুই। এই তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ লগতে ভাৰতৰ আন তিনিখন বিশ্ববিদ্যালয়ৰ হৈছে ভেংকটেশ বিশ্ববিদ্যালয়, যাদবপুৰ বিশ্ববিদ্যালয় আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়। যাদবপুৰ বিশ্ববিদ্যালয়ৰ সৈতে একে স্থান দখল কৰিছে আইআইটি গুৱাহাটীয়ে।