বিহালীঃ ঘাটোৱাৰ সমাজে সম্বৰ্ধনা জনালে কৃতী ছাত্ৰ-ছাত্ৰীক৷ সদৌ অসম ঘাটোৱাৰ সমাজৰ শোনিতপুৰ জিলা সমিতিয়ে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ঘটোৱাৰ সমাজৰ ২০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়৷

সংগঠনটোৰ বিহালী, বাঘমৰা, বিশ্বনাথ, নদুৱাৰ, তেজপুৰ আৰু ঢেকীয়াজুলী আঞ্চলিক সমিতিৰ সহযোগত শোনিতপুৰ জিলা সমিতিয়ে বিহালীৰ আধাখনাত এখন সভা অনুষ্ঠিত কৰি কৃতী ছাত্র-ছাত্রীক সম্বৰ্ধনা জনায়৷ দেওবাৰে বৈশাকু ৰয় ঘাটোৱাৰে পতাকা উত্তোলন কৰাৰ পাছতে শ্বহীদ তৰ্পন কৰে শোনিতপুৰ জিলা ঘাটোৱাৰ সমাজৰ সম্পাদক ৰবীন ঘাটোৱাৰে৷

দিনৰ ১ বজাৰ পৰা বৈশাকু ৰয় ঘাটোৱাৰে সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাৰ উদ্দেশ্যে বাখ্যা কৰে ৰবীন ঘাটোৱাৰে৷

সভাত বিশিষ্ট অতিথি হিচাপে ঘাটোৱাৰ সমাজৰ শোনিতপুৰ জিলা সমিতিৰ উপদেষ্টা পৱন ঘাটোৱাৰ আৰু বিষ্ণু ঘাটোৱাৰ, আদিবাসী ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক অজিত কুৰ্মী, আপকুৰ বিশ্বনাথ জিলা সমিতিৰ সভানেত্রী প্ৰনীতা ৰায় ভুঞাই, সদৌ অসম ঘাটোৱাৰ সমাজৰ কেন্দ্ৰীয় সমিতিৰ সহঃসম্পাদক গোবিন্দ ঘাটোৱাৰ আৰু সাংস্কৃতিক সম্পাদক ভাৰত ঘাটোৱাৰে উপস্থিত থাকে৷ সভাত ঝুমুৰ, কৰম, আধুনিক আদি প্ৰদৰ্শন কৰে কেইবাগৰাকী ছাত্ৰীয়ে৷