22
Aug
2017

ৰঙিয়াঃ ৰঙিয়াত কথমপি ৰক্ষা পৰিল গুৱাহাটী-ডালখোলা বিশেষ যাত্ৰীবাহী ৰেলগাড়ীখন৷ ৰেলৰ ট্ৰেকত পালচাৰ বাইক দেখি বিবুধিত পৰিল ৰেলৰ পাইলট৷ শেষত ইমাৰ্জেন্সী ব্ৰেক মাৰি ৰখাব লগা হ’ল পূৰ্ণ গতিত চলি অহা ৰেলগাড়ীখন৷
দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও যাত্ৰীৰ মাজত আতংকৰ সৃষ্টি হয়৷ বৰ্তমানেও ৰেলখল ৰঙিয়াৰ বৰলীয়া নৈৰ দলঙৰ ওপৰত আবদ্ধ হৈ আছে৷ ইমাৰ্জেন্সী ৰখাবলগীয়া হেতু ৰেলখনৰ ইন্ধনৰ টেংকী ফাটি যায়৷
এজন যুৱকে ৰেল লাইনৰ ওপৰেৰে বাইক সহ পাৰ হ’ব বিচাৰোতেই এই ঘটনা ঘটে৷ বাইকখন তীব্ৰবেগী ৰেলখনে মহতিয়াই পেলায় যদিও যুৱকজন কথমপি ৰক্ষা পৰে৷