
গুৱাহাটীঃ এতিয়া একাংশ লোকে হিন্দু আৰু মুছলমানৰ নামত ব্যৱসায় চলাইছে ৰাজ্যত৷ ৰাজনীতি এতিয়া কেৱল হিন্দু মুছলমানক লৈ৷ ৰাজনীতি এতিয়া জাতী, বৰ্ণ, ধৰ্ম মন্দিৰ মছজিদক লৈ৷ কেইজনমানে এতিয়া হিন্দুৰ কথা কয় আৰু কেইজনমানে কয় মুছলমানৰ কথা৷ ৰাজ্যত যেন এতিয়া ৰাজনীতি নহয় হিন্দু-মুছলমানৰ তুষ্টি কৰণ হে আৰম্ভ হৈছে৷
একাংশ লোকে প্ৰচাৰ চলাই হিন্দুৰ হৈ৷ আন একাংশই প্ৰচাৰ চলাই মুছলমানৰ হৈ৷ ছ'চিয়েল মিডিয়াত একো একোটা গোটে পুৱাৰ পৰা গধূলিলৈ কেৱল ধৰ্মৰ কথা কৈ পাৰ কৰে৷ হোৱাটছএপত ক্ৰিয়েট কৰি লোৱা একো একোটা গ্ৰুপত অপপ্ৰচাৰ কৰাৰ লগতে ফেচবুকুত সজাই লোৱা গ্ৰুপ আৰু পেজত তেওঁলোকে একো একোটা ৰাজনৈতিক দলৰ আদৰ্শৰ হৈ ধৰ্ম গোড়ামিৰ প্ৰচাৰ চলায়৷
ইটো ধৰ্মৰ লোকে সিটো ধৰ্মক হেয় প্ৰতিপন্ন কৰি আপডেট দিয়াৰ লগতে তুচ্ছ-তাচ্ছিল্য আৰম্ভ কৰে৷ নিজৰ ধৰ্মটোক উচ্চ আৰু শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবলৈ নাভূত-নাশ্ৰুত যুক্তি দিয়ে৷ কোনো ৰাজনৈতিক দলৰ হৈ ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা এই সকল লোকৰ বিৰোধিতা কৰিলে মা-ভনীক ধৰি অশ্লীল গালি-গালাজ কৰাৰ লগতে মৃত্যুৰ ভাবুকি পৰ্যন্ত প্ৰদান কৰে৷
হিন্দু আৰু মুছলমানৰ নামত এতিয়া ছ'চিয়েল মিডিয়াত চলিছে ব্যাপক অপ-প্ৰচাৰ৷ এই সকল লোকৰ মিছা, ভুৱা কথাৰে এতিয়া চলিবলৈ আৰম্ভ কৰিছে সমাজ৷ শিক্ষিত, দক্ষ লোকেও এই জালত ভৰি দিয়া পৰিলক্ষিত হয়৷ চিকিৎসক, অভিযন্তা, চাকৰিয়াল, ব্যৱসায়ী সকলোৱে আজিকালি ছ'চিয়েল মিডিয়াত ব্যস্ত৷ ৰাজ্যখনৰ গাঁৱে-ভূঞে শ শ লোকে একোটা একোটা মোবাইল কিনি ফেচবুক-হোৱাটছএপ চলোৱা আৰম্ভ কৰিছে৷
কেৱল নিজৰ ধৰ্ম ৰক্ষাৰ নামত কাম কৰা আৰম্ভ কৰিছে ৰাজ্যৰ প্ৰায় সংখ্যাক ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে৷ একাংশ লোকে সজাই পৰাই ছ'চিয়েল মিডিয়াত এৰি দিয়া মেছেজ মুহূৰ্ততে ভাইৰেল হৈ যায়৷ একাংশ ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা এনে গোটসমূহ চলোৱা লোকসকলে মাহিলী দৰমহাও পাই বুলি জানিব পৰা গৈছে। এনেদৰে একো একোটা নিৰ্দিষ্ট ধৰ্মৰ বিৰুদ্ধে অপ-প্ৰচাৰ চলাই ইটো ধৰ্মৰ লোকে সিটো ধৰ্মৰ লোকৰ পৰা সাৱধান হ'বলৈ আহ্বান জনায়৷
গ্ৰুপসমূহত ভয়াৱহ কাণ্ড সংঘটিত কৰিবলৈ ওলাইছে, বোমা লৈ গাঁৱে গাঁৱে থৈ আহিব, গাঁৱত সোমাই লৰা ছোৱালীক অপহৰণ কৰিব, ছোৱালীক আন ধৰ্মলৈ ৰূপান্তৰিত কৰ্ব, বহু লোকক ধৰ্মান্তৰিত কৰিব, ধৰ্মীয় অনুষ্ঠান ভাঙি পেলাব, তেওঁলোকৰ সংখ্যা বাঢ়িছে, মাটি দখল কৰিবলৈ আহিব, জুই লগাই দিবলৈ আহিব আদি মেছেজ দি মুহূৰ্ততে মানুহৰ মানসিকতা সলনি কৰি ভোটৰ সংখ্যা বঢ়াবলৈ চেষ্টা চলাই একাংশ ৰাজনৈতিক দলে৷
তাৰ মাজতে ৰাজ্যত ভাইৰেল হৈছে আন এটা মেছেজ৷ হাজাৰ হাজাৰ লোকে শ্বেয়াৰ কৰা এই মেছেজটোত হিন্দুক ISISৰ ভয় আৰু মুছলমানক RSSৰ ভয় দেখুওৱা হৈছে৷ মেছেজকেইটাত কোৱা হৈছে, "সাৱধান-অতি গুৰুত্বপূৰ্ণ এটা খবৰ। যদি কোনো ব্যক্তি আহি ঘৰত কয় যে আমি ভাৰতীয় মেডিকেল কাউঞ্চিলৰ পৰা আহিছো এটা test কৰিবলৈ, সকলো ভাৰতীয় নাগৰিকৰ তেজত কিমান কিমান পৰিমাণৰ blood sugar আছে! আৰু এই পৰীক্ষাৰ খৰছ সম্পূৰ্ণ বিনামূলীয়া। সকলোকে হাত যোৰ কৰিছো যে এই test ভুলতো যেন নকৰে। তেওঁলোকে identity পৰিচয় পত্ৰ দেখাব পাৰে, তথাপিও এই test নকৰে যেন, কাৰণ ISI আৰু ISISৰ agentতে আমাৰ দেশত সোমাইছে আৰু আমাৰ দেশৰে কিছুমান মানুহক টকাৰ বিনিময়ত agent কৰি লৈছে। এই থলুৱা agent বিলাকে injection (বেজীৰ দ্বাৰা)ৰ জৰিয়তে ভাৰতৰ মানুহৰ মাজত AIDSৰ বীজাণু বিয়পাই আছে। এনেকুৱা কোনো ঘটনা দেখা মাত্ৰেই আৰক্ষীক অথবা থানাত খবৰ দিয়ক আৰু এই খবৰ আপোনাৰ প্ৰিয় জনকো দিয়ে যেন।"
আনহাতে আন একেটা মেছেজত RSSৰ কথা উল্লেখ কৰি বেজীৰ দ্বাৰা ভাৰতৰ মুছলমানৰ মাজত AIDSৰ বীজাণু বিয়পাই আছে বুলি প্ৰচাৰ চলাই আহিছে৷ কম সময়ৰ ভিতৰতে এনে মেছেজ বহুলভাৱে প্ৰচাৰ হৈ পৰে। "সাৱধান-অতি গুৰুত্বপূৰ্ণ এটা খবৰ। যদি কোনো ব্যক্তি আহি ঘৰত কয় যে আমি ভাৰতীয় মেডিকেল কাউঞ্চিলৰ পৰা আহিছো এটা test কৰিবলৈ, সকলো ভাৰতীয় নাগৰিকৰ তেজত কিমান কিমান পৰিমাণৰ blood sugar আছে! আৰু এই পৰীক্ষাৰ খৰছ সম্পূৰ্ণ বিনামূলীয়া। সকলোকে হাত যোৰ কৰিছো যে এই test ভুলতো যেন নকৰে। তেওঁলোকে identity পৰিচয় পত্ৰ দেখাব পাৰে, তথাপিও এই test নকৰে যেন, কাৰণ কিছু RSSৰ agentতে injection (বেজীৰ দ্বাৰা)ৰ দ্বাৰা ভাৰতীয় মুছলমানৰ মাজত AIDSৰ বীজাণু বিয়পাই আছে। এনেকুৱা কোনো ঘটনা দেখা মাত্ৰেই আৰক্ষীক অথবা থানাত খবৰ দিয়ক আৰু এই খবৰ আপোনাৰ প্ৰিয় জনকো দিয়ে যেন।"
ৰাজ্যত সেনা-আৰক্ষীয়ে বিয়াপি দি থকা অৱস্থাত ISI বা ISIS-এ গাঁৱে-ভূঞে প্ৰৱেশ কৰাতো সহজ নে? আনহাতে RSSৰ লোকে এনেদৰে AIDSৰ বীজাণু বিয়পাই দিলে আন ধৰ্মৰ লোকৰ দেহত কেনেবাকৈ হ'লেও সমংক্ৰমণ নহ'ব নে? হিন্দু-মুছলমান সকলোৰে তেজ ব্লাড বেংকত মজুত কৰি ৰখা হয়৷ ব্লাড বেংকত মজুত ৰখা তেজৰ পেকেটত হিন্দুৰ তেজ, মুছলমানৰ তেজ বুলি কোনোধৰণৰ লেবেল লগাই থোৱা নাথাকে৷ তেন্তে ক্ষেত্ৰত এইবোৰ কাৰ অপ-প্ৰচাৰ৷ এনে লোকক চিনাক্ত কৰাৰ সময় আহি পৰিছে৷ এনে মেছেজৰ জৰিয়তে একতাৰে ডোলেৰে বান্ধ খাই থকা সহজ-সৰল মানুহৰ সমাজখন ভাগ ভাগ কৰি ৰাজনৈতিক দলসমূহে যে মুনাফা লাভ কৰিব সেয়া খাটাং৷