
গোলোকগঞ্জঃ কোকৰাঝাৰ জিলাৰ ধুবুৰীৰ সীমান্তৱৰ্তী এটি অঞ্চলত প্ৰায় ২৫ জনীয়া দুৰ্বৃত্তৰ এটা দলে দুটি পৰিয়ালক আক্ৰমণ কৰাত এগৰাকী লোক গুৰুতৰভাৱে আহত হয়৷ দুৰ্বৃত্তৰ দলটোৱে পৰিয়াল দুটাৰ ঘৰৰ বেৰ ভঙাৰ লগতে সামগ্ৰী লণ্ড-ভণ্ড কৰে৷ এগৰাকী বিবাহিত মহিলাৰ ডিঙীত ডেগাৰ থৈ হত্যাৰ চেষ্টা কৰাৰ লগতে ঘৰৰ বেৰ ভাঙি সামগ্ৰী লণ্ড-ভণ্ড কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত৷
নিশা মানুহৰ ঘৰত চম্বলৰ ডকাইতৰ লেখীয়াকৈ আক্ৰমণ কৰাৰ লগতে মহিলাৰ ডিঙিত ডেগাৰ থৈ ভাবুকি দিয়া ঘটনাই বিটিএডি এলেকাত মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নোহোৱা হোৱাৰ কথাটো স্পষ্ট হৈ পৰিছে৷ কিছুদিন পূৰ্বে কোকৰাঝাৰ চহৰত এগৰাকী ছাত্ৰ নেতাক গুলীয়াই হত্যা কৰাৰ পাছতো আৰক্ষী সষ্টম হৈ নথকাৰ কথাটো এই ঘটনাই স্পষ্ট কৰি তুলিছে।
উত্থাপিত অভিযোগ অনুযায়ী কেইটামান বিক্ষিপ্ত ঘটনাৰ বাহিৰে ক্ৰমান্বয়ে শান্তি ঘূৰি আহিবলৈ ধৰা বিটিএডিত শেহতীয়াকৈ এটি শক্তিয়ে অহৰহ অশান্তি বিয়পাবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ গোষ্ঠী সংঘৰ্ষৰ ফলত শ শ লোক আজিও আশ্ৰয় শিবিৰত থাকিব লগা হোৱাৰ সময়তে কোকোৰাঝাৰ জিলাৰ কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দুখী-সুখী তৃতীয় খণ্ডত মাছ মৰাক কেন্দ্ৰ কৰি পুনৰ উত্তেজনা বিয়পাৰ খবৰ পোৱা গৈছে৷
এখন বিলক কেন্দ্ৰ কৰি মঙলবাৰে দিনৰ ভাগত দুটা গোটৰ মাজত তৰ্কাতৰ্কি হৈছিল৷ বিলখন মাথো ৩ হাজাৰ টকাত কিনি লয় দ্বিজেন্দ্ৰ নাথ ৰায় নামৰ লোকজনে৷ পিছত বানৰ পানীত বহু মাছ সোমোৱা বুলি অৱগত হৈ একাংশ লোকে ৰায়ক তিনি হাজাৰ টকাত বিলখন দিবলৈ অমান্তি হয়৷ দিনত তৰ্কাতৰ্কি হোৱাৰ পাছত নিশা প্ৰায় ২০-২৫ জনীয় এটি উদণ্ড যুৱকৰ দলে দুখী-সুখী তৃতীয় খণ্ড গাঁৱৰ দ্বিজেন্দ্ৰ নাথ ৰায় আৰু ভাতৃ দীপক কুমাৰ ৰায়ৰ ঘৰত আক্ৰমণ কৰে৷
হাতে হাতে চোকা অস্ত্ৰ লৈ দ্বিজেন্দ্ৰ নাথ ৰায়ক মাৰধৰ কৰাৰ লগতে ওচৰা-ওচৰিকৈ বসবাস কৰা দ্বিজেন্দ্ৰ নাথ ৰায়ৰ ভাতৃ দীপক কুমাৰ ৰায়ক ঘৰত নাপায় পত্নী গীতা ৰাণী ৰায়ৰ ডিঙিত ডেগাৰ থৈ স্বামীক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰি নিৰ্বিঘ্নে আতৰি যায় দুৰ্বৃত্তৰ দলটো৷
ঘটনাৰ পাছৰে পৰা অঞ্চলটোত উত্তেজনা বিয়পে যদিও আৰক্ষীয়ে ঘটনাক গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ দ্বিজেন্দ্ৰ নাথ ৰায়ৰ পৰিয়ালে ৰূপসী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে ঘটনাৰ তদন্ত নকৰা বুলি ভুক্তভোগীসকলে সংবাদ মাধ্যমক জানিবলৈ দিছে।