
মোৰাঝাৰঃ ৰাজ্যৰ হাজাৰ হাজাৰ লোক বানত আক্ৰান্ত হৈ হাহাকাৰ কৰি থাকিব লগা হৈছে৷ ৰাজ্যৰ দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠানে বানপীড়িত লোকসকলক বিপদৰ সময়ত এষাৰ মাত আৰু সহায় কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে৷ হোজাই জিলাৰ নীলবাগানৰ গ্লবেল ৱেলফেয়াৰ চছাইটি নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে মৰিগাঁৱৰ বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ কৰে।
ৰাজ্যৰ কেইবা খনো জিলা বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰি ২৬০০ খন গাঁৱৰ প্ৰায় ২৯ লাখ মানুহ এই বানত হাহাকাৰ কৰিব লগা হৈছে৷ মৃত্যু হৈছে ৫০ জনকৈ লোকৰ৷ নিজৰ হেঁপাহৰ ঘৰ খন এৰি আশ্ৰয় শিবিৰত থকা লোকসকলে লাভ কৰা নাই পৰ্যাপ্ত চৰকাৰী সাহায্য৷ দুৰ্দশাগ্ৰস্থ লোকসকলক সকাহৰ বাট দেখুৱাই দিয়াৰ হকে মঙলবাৰে নীলবাগান গ্লবেল ৱেলফেয়াৰ চছাইটিয়ে বানাক্ৰান্তৰ মাজত সাহায্য প্ৰদান কৰে। অনুষ্ঠানটোৰ সভাপতি কৌচৰ আহমেদ আৰু সম্পাদক নিজাম উদ্দিনৰ নেতৃত্বত এটি দলে মৰিগাঁও জিলাৰ লাহৰিঘাটৰ বানাত্রুান্তৰ মাজত চাউল, দাইল, নিমখ, তেল, পানী, বিস্কুট আদিৰ লগতে বিভিন্ন সামগ্ৰী বিতৰণ কৰে।