
কোকৰাঝাৰঃ যি সময়ত ৰাজ্যত সংঘটিত হোৱা প্ৰলয়ংকাৰী বানপানীৰ ফলত আশ্ৰয় শিবিৰত থকা বন্যাৰ্তই এমুঠি অন্নৰ বাবে হাহাকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে তেনে সময়তে এগৰাকী লাট মণ্ডলে বন্যাৰ্তৰ বাবে প্ৰদান কৰা চাউল হৰলুকি কৰা ঘটনা পোহৰলৈ আহিছে।
এনেদৰে বন্যাৰ্তৰ চাউল হৰলুকি কৰি ব্যৱসায়িক প্ৰতিষ্ঠানত বিক্ৰী কৰিবলৈ ধৰোতেই ৰাইজে হাতে লোটে ধৰি লাট মণ্ডলক আৰক্ষীক চমজাই দিয়া ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
বন্যাৰ্তৰ চাউল ব্যৱসায়িক প্ৰতিষ্ঠানক বিক্ৰী কৰিব ধৰোতেই ৰাইজে হাতে লোটে ধৰি আৰক্ষীক চমজাই দিয়া লাটমণ্ডলগৰাকী হ'ল জিলাখনৰ দোতমা ৰাজহ চক্ৰৰ লাটমণ্ডল ধৰ্মেশ্বৰ বৰ্মন বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে আজি লাটমণ্ডল ধৰ্মেশ্বৰ বৰ্মনে বন্যাৰ্তৰ ১৫ বেগ চাউল হৰলুকি কৰি জিলাখনৰ চিথিলাৰ পাখীৰিতলৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত বিক্ৰী কৰিবলৈ আনোতেই স্থানীয় ৰাইজৰ সন্দেহ ওপজে আৰু জেৰা আৰম্ভ কৰে। ৰাইজৰ জেৰাত বাধ্য হৈ লাটমণ্ডল গৰাকীয়ে সেয়া বন্যাৰ্তৰ চাউল বুলি স্বীকাৰ কৰাত স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে।
ৰাইজে লাটমণ্ডল গৰাকীক কটু বাক্য শুনাই আৰক্ষীক চমজাই দিয়ে। আৰক্ষীয়ে ৰাইজৰ অভিযোগ মৰ্মে এক গোচৰ (নং ৬২/১৭)ৰজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৬/৪০৯/৩৭৯/৪৪১ ধাৰাৰ অধীনত লাটমণ্ডল গৰাকীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।