
মঙলদৈঃ দিন দুপৰতে ৰাজ পথত গুলীয়াই হত্যা কৰা গৰু ব্যৱসায়ী মোক্তাৰৰ হত্যাকাৰীক আজিও আটক কৰিব নোৱাৰিলে ৰাজ্যৰ বিয়াগোম গৃহ বিভাগে৷ মঙলদৈৰ জনাৰাম চৌকাৰ মোক্তাৰ হত্যাকাণ্ডৰ ১০০ ঘন্টা উকলি গ’ল যদিও হত্যাকাৰীক আটক কৰাটো দুৰৰ কথা কোনে হত্যা কৰিলে সেই কথাও স্পষ্ট কৰিব নোৱাৰিলে দৰং আৰক্ষীয়ে৷
চৌদিশে সেনা আৰক্ষ্যোষীয়ে বিয়াপি দি থকাৰ সময়তে মঙলদৈ চহৰৰ আউলাচৌকাত শনিবাৰে বিয়লি ৪ বজাত দিনৰ পোহৰতে অচিনাক্ত দুৰ্বৃত্তই গুলিয়াই হত্যা কৰে মোক্তাৰক৷ সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ আৰু আমছুৰ দৰং জিলা সমিতিয়ে হত্যাকাৰীক আটক কৰাৰ দাবীত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷
অৱৰোধস্থলীত উপস্থিত হৈ উপায়ুক্তই হত্যাকাৰীক আটক কৰাৰ লগতে মোক্তাৰৰ পত্নীক চৰকাৰী চাকৰি দিয়া আৰু এককালীন আৰ্থিক সাহায় দিয়াৰ দাবী জনায়৷ মোক্তাৰৰ ১১-১২ বছৰীয়া দুটি সন্তান তথা পৰিয়াল কোনে চলাব তাকলৈ প্ৰশ্ন উত্থাপন হয়৷ অবোধ শিশু দুটিক পোহপাল দিবলৈ মাতৃক এটি চাকৰি দিবলৈ দাবী জনাইছিল যদিও প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷
জিলা প্ৰশাসনে ৫ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা উল্লেখ কৰে যদিও চাকৰি দিয়াৰ কথা ঘোষণা কৰা নাই৷ সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা চহিৰ ভূঞাই হত্যাকাৰীক শীঘ্ৰে আটক কৰাৰ লগতে পত্নীক এটি চাকৰি দিবলৈ দাবী জনায়৷ আনহাতে আজি স্থানীয় বিধায়ক গুৰুজ্যোতি দাসে মোক্তাৰ আলিৰ ঘৰত উপস্থিত হৈ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ মোক্তাৰৰ দুই পুত্ৰৰ পঢ়াৰ খৰচ বহন কৰাৰ কথ ঘোষণা কৰে গুৰুৱে৷