নলবাৰী/গোলকগঞ্জঃ আকাশ চুইছে খাদ্য-সামগ্ৰীৰ মুল্যই৷ ভাল দিনৰ শ্ল’গান দি দিছপুৰৰ মছনদ দখল কৰা ৰাজ্য চৰকাৰে খাদ্য-সামগ্ৰীৰ মুল্য ব্যৱসায়ীয়ে নতৌ বৃদ্ধি কৰাৰ পাছতো নাকি লগাব পৰা নাই ব্যৱসায়ীক৷ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰিহন দৈমাৰীয়ে অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহন কৰাৰ সময়তে নলবাৰী-ধুবুৰী আদি জিলাত বিভিন্ন প্ৰান্তত মূল্যবৃদ্ধিয়ে আকাঅশ চুইছে।

নলবাৰী জিলাত দৈনন্দিন জীৱনত ব্যৱহৃত হোৱা খাদ্য সামগ্ৰী আৰু শাক-পাচলিৰ অস্বাভাৱিক হাৰত মূল্যবৃদ্ধিয়ে কোঙা কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক৷ জিলাখনৰ অন্যান্য প্ৰান্তৰ লগতে সাপ্তাহিক বজাৰ আৰু গধুলী বজাৰত খাদ্য-সামগ্ৰী আৰু শাক-পাচলিৰ অস্বাভাৱিক মূল্যবৃদ্ধিত গ্ৰাহকসকল বিপাঙত পৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই৷

নেৰানেপেৰা বৰষুণ আৰু বানপানীৰ ফলত শাক-পাচলিৰ খেতি বাতি কিছু পৰিমাণে বিনষ্ট হৈ যোৱাৰ সুবিধা গ্ৰহন কৰি একাংশ ব্যৱসায়ীয়ে এতিয়া খাদ্য-সামগ্ৰী আৰু শাক-পাচলিৰ মূল্য পূৰ্বতকৈ তিনিগুন পৰ্যন্ত বৃদ্ধি কৰি গ্ৰাহকক ৰামটাঙোন সোধাইছে। যি সময়ত পিয়াজৰ মূল্য খুচুৰা দৰত কিলোপ্ৰতি ৪০ টকাৰ অধিক হব নোৱাৰিব বুলি মন্ত্ৰী ৰিহন দৈমাৰীয়ে ঘোষণা কৰিছে তেনে সময়তে নলবাৰী বজাৰত পিয়াজ কিলোই প্ৰতি খুচুৰা দৰত ৫০ টকা পৰ্যন্ত বিক্ৰী হৈছে।

তদ্ৰপ নলবাৰী বজাৰত বৰ্তমান কিলোই প্ৰতি অমিতা ৩০-৪০ আলু ২৫-৩০ টকা, নহৰু ৮০-৯৫ টকা, পটল ৪৫-৫৫ টকা, জিকা ৪০-৫০ টকা,ভাত কেৰেলা ৪০-৫০ টকা, তিয়ঁহ ৪৫-৫৫ টকা, জলকীয়া ১৪০-১৫০ টকা,বিলাহী ৭০-৮০ টকা , লেচেৰা ৪০-৫০ টকা মূল্যত বিক্ৰী কৰি আহিছে ৷ অস্বাভাৱিক হাৰত ঘটা মূল্যবৃদ্ধি ৰোধ কৰিবলৈ প্ৰশাসনে কোনোধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷

গ্ৰাহক ৰাইজে অতি শীঘ্ৰে খাদ্য সামগ্ৰী আৰু শাক পাচলিৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে কঠোৰ কাৰ্যপন্থা গ্ৰহন কৰিবলৈ জিলা প্ৰশাসনক  দাবী জনাইছে ৷ আনহাতে কিছু দিনৰ ভিতৰত ৰাজ্যৰ অন্যান্য প্ৰান্ত লগতে ধুবুৰী জিলাতো কিছুমান খাদ্য সামগ্ৰীৰ দাম যথেষ্ট বৃদ্ধি পোৱাটো ধুবুৰী জিলা প্ৰশাসনৰ দৃষ্টি গোচৰ হৈছে। সেয়েহে জিলা প্ৰশাসনৰ তৰপৰ পৰা কোনো ব্যৱসায়ীয়ে যাতে অনৈতিক ভাৱে দাম বৃদ্ধি কৰিব নোৱাৰে তাৰ বাৱে কেতবোৰ ব্যৱস্থা হাতত লোৱা বুলি অৱগত কৰে জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই৷

খূচুৰা বিক্রেতাই আলূ, পিয়াঁজ, মছুৰ দাইল আৰু মিঠাতেল ক্রয় কৰা দামৰ প্ৰতি কেজিত পাঁচ টকাত কৈ অধিক দাম লৱ নোৱাৰিব বুলি স্পষ্ট কৰে। খূচূৰা বিক্রেতা সকলক সামগ্ৰী ক্রয় কৰাৰ উপযুক্ত ৰচিত ৰাখিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে। জিলা খনত থকা প্ৰশাসনৰ অনুমোদিত সকলো আমাৰ দোকানতে নিত্য ব্যৱহাৰ্য সামগ্ৰী সমূহ উচিত মূল্যত বিক্রিৰ বাবেও নিৰ্দেশ দিয়া হৈছে বুলি জনসংযোগ বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।