22
Aug
2017

বিহালী/বিশ্বনাথঃ বিদ্যুৎস্পৃষ্ট হৈ সাত বছৰীয়া শিশুৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰে বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বেদেতি চাহ বাগিছাত৷
বেদেতি চাহ বাগিছাৰ ১ নং লাইনত বিয়লি প্ৰায় ৫ বজাত কেশৱ লোহাৰ নামৰ ৭ বছৰীয়া কিশোৰে নিজা বাসগৃহৰ সন্মুখৰ অৰ্জুন লোহাৰ নামৰ ব্যক্তি এজনৰ চোতালত সমনীয়া বন্ধুৰ লগত উমলি আছিল৷ কেনেবাকৈ বিদ্যুতৰ তাৰত লাগি কেশৱ লোহাৰ নামৰ কিশোৰটোৰ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক আকোৱালি লয়৷