লংকাঃ ডেংগীত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে এগৰাকী যুৱ কংগ্ৰেছৰ নেতা৷ হোজাই জিলা যুৱ কংগ্ৰেছৰ উপ-সভাপতি তথা লংকা অঞ্চলৰ সমাজকৰ্মী শ্বাহ ইমতিহাজ চৌধুৰী প্ৰায় ৮ দিন ধৰি ডেংগীত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে৷

হোজাইৰ হা’ম হস্পিতালত চিকিৎসাধীন যুৱ কংগ্ৰেছৰ নেতাগৰাকীৰ মঙলবাৰে স্বাস্থ্যৰ অৱনতি ঘটাত সংকটজনক অৱস্থাত গুৱাহাটীৰ জিএনআৰচি হস্পিতাললৈ প্ৰেৰণ কৰে। যুৱ নেতাগৰাকীৰ আশু-আৰোগ্য কামনা কৰি নেদেখা জনক প্ৰাৰ্থনা জনাই লংকা অঞ্চলৰ লোকে৷