23
Aug
2017

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ ঢোলমাৰাত যোৱা মাজনিশা আৰক্ষীয়ে অভিযান চলাই হত্যাৰ গোচৰত অভিযুক্ত তিনি গৰাকীকৈ যুৱকক গ্ৰেপ্তাৰ কৰিছে ৷ ধৃত অভিযুক্ত তিনিগৰাকী ক্ৰমে ৰাজেশ ওৰাও (২৬), মাথিয়াছ ওৰাও (২২) আৰু তুলসী ওৰাও (২৫)৷
ধৃত কেইজনৰ পৰা আৰক্ষীয়ে চোকা অস্ত্ৰও জব্দ কৰিছে ৷ উল্লেখ্য যে ধুবুৰী জিলাৰ সীমান্তৱৰ্তী চৈবাৰী চাহ বাগিছাত যোৱা ১৯ আগষ্টৰ মাজনিশা অচিনাক্ত যুৱকৰ দল এটাই থমাছ তিৰ্কী নামৰ এজন আদিবাসী যুৱকক হত্যা কৰিছিল৷
ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত ৫২৫/১৭ নম্বৰৰ এখন গোচৰ ৰুজু হৈছিল। উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই যোৱা মাজনিশা তিনি গৰাকীকৈ যুৱকক গ্ৰেপ্তাৰ কৰে৷ ধৃত তিনি যুৱকে আৰক্ষীৰ জেৰাত উক্ত হত্যাকাণ্ডটোৰ সৈতে জড়িত থকা বুলি স্বীকাৰ কৰিছে৷