ধনশিৰিঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰৰ পৰা যোৱা ১৭ আগষ্টত চুৰি হোৱা এখন বুলেট এনফিল্ড বাইক ডিমাপুৰৰ পৰা উদ্ধাৰ লগতে জড়িত এগৰাকী মহিলা সহ দুজন লোকক আৰক্ষীয়ে আটক কৰিছে।

জানিব পৰা মতে এক গোপন সূত্ৰৰ পম খেদি যোৱা ১৭ আগষ্টত চুৰি হোৱা এএম ই ৪৬২৭ নম্বৰৰ বুলেটখন চুৰি কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগত কালি বৰপথাৰৰ শিমলু চাপৰিৰ এঘৰ মানুহৰ পৰা ডিমাপুৰত অস্থায়ীভাৱে থকা ডিমাপুৰৰ প্ৰসেনজিৎ দাস(২২)ক আৰক্ষীয়ে আটক কৰি জেৰা কৰাত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।

অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত ধনশিৰি মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে ডিমাপুৰৰ ভাৰা ঘৰৰ পৰা চুৰি কৰি নিয়া বুলেটখন উদ্ধাৰ কৰে।লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত ঘটনাটোৰ লগত জড়িত থকাৰ সন্দেহত কাৰ্বি আংলং জিলাৰ লাহৰি জানৰ এটা গেৰেজৰ পৰা জছবীন্দৰ সিং নামৰ আন এজন লোকক আৰক্ষীয়ে আটক কৰাৰ লগতে বৰপথাৰৰ এগৰাকী মহিলাকো আটক কৰাৰ কথা জানিব পৰা গৈছে।