কাজিৰঙাঃ ১৩ আগষ্ট দেওবাৰে কাজিৰঙাৰ হালধিবাৰীত হৈছিল অঘটনটো৷ কাজিৰঙাৰ বন্যাঞ্চলৰ পৰা ওলাই অহা এটা বন গাহৰিয়ে প্ৰান লৈছিল এগৰাকী মহিলাৰ৷ নানী আশা ওৰাং নামৰ মহিলা গৰাকীয়ে হালধিবাৰীৰ লৱংগ চক্ৰৱৰ্তীৰ ঘৰৰ পিছফালৰ চোতালত কাম কৰি থকা অৱস্থাত অতৰ্কিতে বন গাহৰিয়ে আক্ৰমণ চলায়৷

আত্মৰক্ষাৰ সুযোগ নাপাওতেই বন গাহৰিৰ ধাৰাল দাঁতে তচনচ কৰে মহিলাগৰাকীৰ শৰীৰ৷ দৰিদ্ৰ পৰিয়ালটো পোহপাল দিয়াৰ বাবে আশা ওৰাঙে লবংগ চক্ৰবৰ্তীৰ ঘৰত কাম কৰিছিল৷ মহিলাগৰাকীৰ মৃত্যুত পৰিয়ালটোৰ মাজলৈ অমানিশা নামি আহে৷ 

বন গাহৰিৰ আক্ৰমণত নিহত আশা ওৰাঙৰ পৰিয়ালৰ প্ৰতি সমবেদনা প্ৰকাশ কৰি ২৩ আগষ্ট বুধবাৰে ৰাজ্যৰ কৃষিমন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই আশা ওৰাঙৰ পৰিয়ালক এক লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়৷ বুধবাৰে কাজিৰঙাত এক সাহায্য প্ৰদান অনুষ্ঠানত অংশ লৈ কৃষিমন্ত্ৰীগৰাকীয়ে বান বিধ্বস্ত কৃষক সকলৰ বাবেও এক সুখবৰ আগবঢ়ায়৷

কৃষিমন্ত্ৰীগৰাকীয়ে জনায় যে বানাক্ৰান্ত খেতিয়কক সকাহ দিয়াৰ বাবে কৃষকৰ বেংকৰ একাউন্টত জমা কৰা হ’ব নগদ ধন৷ জিলা আৰু মহকুমাৰ চক্ৰবিষয়া সকলে বানত ক্ষয়-ক্ষতিৰ তদন্ত কৰি সাহায্যৰ ধন ধাৰ্য্য কৰাৰ পাছত সেই ধন কৃষকৰ একাউন্টত জমা কৰা হ’ব৷ 

কৃষিমন্ত্ৰীগৰাকীয়ে আন কেইবাখনো আঁচনিৰ জৰিয়তে বানাক্ৰান্ত সকলক সহায় কৰাৰ বিষয়ে বুধবাৰৰ সাহায্য প্ৰদান অনুষ্ঠানত ৰাইজক অৱগত কৰায়৷