
তিনিচুকীয়াঃ পশ্চিমবংগৰ কলা আৰু সংস্কৃতি ক্ষেত্ৰৰ অগ্ৰণী অনুষ্ঠান "প্ৰতিভা" সৌজন্যত কলিকতাৰ ‘বিৰলা অকাডেমী অব্ আৰ্ট এণ্ড কালচাৰ’ত ২২ আগষ্টৰ পৰা ২৭ আগষ্টলৈকে চিত্ৰ প্ৰদৰ্শন অনুষ্ঠিত হৈছে । চিত্ৰ প্ৰদৰ্শনীত অসমৰ এগৰাকী শিল্পীৰ চিত্ৰ প্ৰদৰ্শন কৰা হৈছে। তিনিচুকীয়া জিলাৰ চিত্ৰ শিল্পী অৰ্চনা গগৈৰ চিত্ৰ প্ৰদৰ্শন কৰা হৈছে৷
১৯৮৬ চনৰ ২৮ অক্টোবৰত যোৰহাটৰ ন-কছাৰী গাৱঁত জন্মলাভ কৰা এইগৰাকী চিত্ৰশিল্পী বৰ্তমান তিনিচুকীয়া জিলাৰ বাসিন্দা৷ তিনিচুকীয়া জিলাৰ ডুমডুমা মহাবিদ্যালয়ৰ পৰা ২০০৮ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ সময়চোৱাতে প্ৰখ্যাত চিত্ৰশিল্পী ৰবীন বৰ’ৰ সান্নিধ্যলৈ আহে৷ সৰুৰে পৰাই চিত্ৰকলাৰ হাবিয়াহ থকা আৰু ছবি অঁকাৰ দুৰ্বাৰ বাসনাই ৰবীন বৰ’ৰ ‘ইলোৰা আৰ্ট অকাডেমী’ত চিত্ৰকলাৰ আদিপাঠ শিকিবলৈ নামভৰ্ত্তি কৰিবলৈ বাধ্য কৰায়৷
সেয়াই আৰম্ভণি, তাৰ পৰৱৰ্তী পৰ্যায়ত উক্ত অকাডেমীৰ পৰাই চিত্ৰকলাৰ ডিপ্ল'মা অৰ্জন কৰি কলাৰ জগতখনক আৰু বিশদভাৱে জানিবলৈ বিষ্ণুৰাভা বটাঁ প্ৰাপক শিল্পী চালেহা আহমেদৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰে৷ প্ৰখ্যাত শিল্পীত্ৰয় অদিতি চক্ৰৱৰ্তী, প্ৰবীণ কুমাৰ নাথ আৰু মনীষা দেৱীৰ নেতৃত্বত আয়োজন কৰা ‘ভৰ্ণা’ৰ এক প্ৰশিক্ষণ কৰ্মশালাতো অংশগ্ৰহণ কৰি চিত্ৰকলাত অধিক মনোনিৱেশ কৰাত দুগুণ উৎসাহী হৈ পৰে৷ কোকৰাঝাৰ আৰ্ট কলেজৰ অধ্যাপক লেহৰ মোচাহাৰীৰ অধীনত উড্ কাট গ্ৰাফিক্সৰ প্ৰশিক্ষণ লাভ কৰে৷
২০০৬ চনত ‘নৰ্থ ইষ্ট আৰ্ট অকাডেমী’ৰ সৌজন্যত আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ চিত্ৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা অৰ্চনাই ২০১২ চনত মাকুমৰ ১নং বালিজান প্ৰা:বি: ত শিক্ষয়িত্ৰী হিচাপে নিযুক্তি লাভ কৰে৷ শিক্ষাদানৰ দৰে মহান কৰ্মৰ ব্ৰতী অৰ্চনাই শিক্ষাদানৰ সমান্তৰালভাৱে চিত্ৰকলাৰ চৰ্চাও অব্যাহত ৰাখিছে৷
চাবুৱাৰ ৰংঘৰ চিত্ৰকলা কেন্দ্ৰৰ সৌজন্যত আয়োজিত এক চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰাৰ পাছত কলা আৰু সংস্কৃতি বিকাশৰ পথ প্ৰদৰ্শক 'প্ৰতিভা' ৰ জৰিয়তে শিল্পীগৰাকীৰ কৰ্মসমূহ Reflection (Serige), Face (serige), Connection, Phagun, Devotees আদি Art & Culture Society, Academy of Fine Art, Bengal Art Foundation, কলকাতা আৰু লক্ষ্নৌত ভূয়সী প্ৰশংসা লাভ কৰে৷
‘ইলোৰা আৰ্ট এণ্ড ক্ৰাফ্ট চছাইটি’ৰ অন্যতম সদস্যা অৰ্চনাৰ এই সাধনা অব্যাহত থকাৰ লগতে প্ৰদৰ্শনীত সকলোৰে দৃষ্টি কাঢ়ি নিয়ক বুলি তিনিচুকীয়াৰ শিক্ষক সমাজৰ লগতে কলা প্ৰেমী ৰাইজে কামনা কৰিছে৷