
অভয়াপুৰীঃ আম্বানী অথবা আদানীৰ ফেক্টৰীত বানপানী উঠিলে চৰকাৰে জৰুৰী ভাবে হেলিকাপ্টাৰৰ ব্যৱস্থা কৰিব৷ সাধাৰণ লোকৰ বাবে তৎপৰ নহয় এই চৰকাৰ৷ বান সাহায্য তথা উদ্ধাৰ অভিযান চলোৱাত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰি ৰাজ্য চৰকাৰক এনেদৰে আক্ৰমণ কৰে সাংসদ চিৰাজউদ্দিন আজমলে৷
বানৰ কবলত পৰি হাহাকাৰ কৰি থকাৰ সময়ত দুৰ্গতসকলৰ ওচৰত থিয় নিদি পানী শুকাই যোৱাৰ পাছত সাংসদগৰাকী উপস্থিত হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ মানাহ নৈৰ বাঢ়নি পানীয়ে প্ৰলয়ৰ সৃষ্টি কৰা বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী মধুফল অঞ্চল ভ্ৰমণ কৰি আজি ৰাজ্য চৰাকৰক এই দৰে আক্ৰমণ কৰে সাংসদ আজমলে৷
বহু লোকৰ বাসগৃহ, কেইবাশ হেক্টৰ কৃষিভূমি, বিদ্যালয়ৰ লগতে বৰপেটা জিলা সংযোগী গড়কাপ্তানী পথ মানাহৰ বুকুত জাহ যোৱাৰ কেইবাদিনো পাৰ হৈ যোৱাৰ পিছত বানবিধ্বস্ত এলেকা পৰিদৰ্শন কৰে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ চিৰাজউদ্দিন আজমলে। ইমান দিনে নিজ লোকসভাৰ সমষ্টিৰ ৰাইজৰ বিপদৰ সময়ত উপস্থিত নোহোৱাত ৰাইজ ক্ষোভিত হোৱাৰ উমান পায়েই সাংসদজনে বানবিধ্বস্ত মধুফল গাঁতত উপস্থিত হৈ বিজেপি চৰকাৰ খনে কেতিয়াও সংখ্যালঘু অধ্যুষিত অঞ্চলৰ উন্নয়ন নিবিচাৰে বুলি মন্তব্য প্ৰকাশ কৰে৷
সমস্ত দোষ চৰকাৰলৈ ঠেলি সাংসদজনে আত্মপক্ষ সমৰ্থন কৰাৰ চেষ্টা চলাই। সংখ্যালঘু অধ্যুষিত মধুফল অঞ্চলটোক মানাহ নৈৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ স্থায়ী সমাধান বিচাৰে যদিও সাংসদ জনৰ নীৰৱ ভূমিকাৰ বাবে আজিও মধুফল গাঁৱৰ এনে অৱস্থা হোৱা বুলি ৰাইজে অভিযোগ কৰে৷ ৰাইজৰ এই অবিযোগ পোনছাটেই নাকচ কৰি সাংসদগৰাকীয়ে তেওঁৰ পৰিয়াল আৰু দলে যিকোনো বিপদৰ সময়ত অসমৰ ৰাইজৰ কাষত থিয় দিয়া বুলি দাবী কৰে৷