
নাহৰকটীয়াঃ দহো বন কাটি কৰি ঘৰৰ পৰা ওলাই আহিল মহিলা৷ অতিষ্ঠ মহিলাই শ্ৰমদানেৰে কৰিলে পথৰ মেৰামতি৷ চৰাকৰক ফেইল আখ্যা দি গাঠিৰ ধন ভাঙি শ্ৰমদানেৰে মেৰামতি কৰিলে পথ৷ নাহৰকটীয়া সমষ্টিৰ মেৰবিল গাঁও পঞ্চায়তৰ অৰ্ন্তগত শলগুৰি অালিৰ পৰা দিহিং নদীৰ সমীপৰ্বত্তী গাঁও সমূহলৈ আহ-যাহ কৰা একমাত্ৰ পথটো মেৰামতিৰ অবাৱত কদৰ্যময় হৈ পৰে৷
আহ-যাহৰ বাবে উপযুক্ত হৈ নথকাত ৰাইজে আজি নিজেই হাতে কামে লাগি পথটো মেৰামতি কৰে৷ বহু বছৰ ধৰি পথটো মেৰমতিৰ নকাৰত যাতায়াতাৰ বাবে অনুপযুক্ত হৈ পৰে। গাড়ী-মটৰটো দুৰৰ কথা খোজকাঢ়ি যাব নোৱাৰা হৈছে পথটোত৷ পুখুৰী সদৃশ গাতৰ বাবে সৰু গাড়ী চলাবই নোৱাৰে। ৰাইজে পথটো মেৰামতি কৰাৰ বাবে চৰকাৰৰ ওচৰত আবেদন-নিবেদন কৰে যদিও প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৰ্নিমাণ কৰা অাশ্বাস দিয়াৰ পাছতো নিৰ্মাণ নহ’ল পথটো। সকলো অাশা বাদ দি স্থানীয় ৰাইজ একত্ৰিত হৈ ঘৰে ঘৰে টকা তুলি গাতত ইটা পাৰি আহ-যাহৰ বাবে সুবিধা কৰি লয়৷