কাজিৰঙাঃ বানপানীৰ পাছত এইবাৰ চোৰৰ কবলত কাজিৰঙা৷ বেংকৰ পৰা চোৰে লুটি লৈ গ’ল লক্ষাধিক টকা৷

কাজিৰঙাৰ কঁহৰা আৰক্ষী চকীৰ অন্তৰ্গত অসম গ্ৰামীন বিকাশ বেংকত শুকুৰবাৰে নিশা সংঘটিত হল এই চুৰি কাণ্ড৷ বেংকত CC কেমেৰা আৰু নিৰাপত্তাৰক্ষী নথকাৰ সুযোগ লৈ মূল গেটৰ গ্ৰীল ভাঙি চোৰ ভিতৰত সোমাই লুটি লৈ যায় বেংকত জমা থকা লক্ষাধিক টকা৷

চোৰে লগত গেছ মেচিন আৰু অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ লৈ আনি চুৰি কাৰ্য সংঘটিত কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷