26
Aug
2017

মঙ্গলদৈঃ অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত দৰং জিলা ক্ৰীড়া সাংবাদিক সন্থাৰ সহযোগত এখন ক্ৰীড়া বিষয়ক কৰ্মশালা অনুষ্ঠিত হয়। মঙ্গলদৈৰ ইয়ুথ ক্লাবত অনুষ্ঠিত হোৱা কৰ্মশালাখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷
ক্ৰীড়া বিষয়ৰ সাংবাদিক কৰ্মশালা খন উদ্ধোধন কৰে দৰং জিলাৰ উপাযুক্ত অশোক কুমাৰ বৰ্মনে। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে সুবোধ মল্ল বৰুৱা¸ পবিত্ৰ গগৈ¸ ৰাজীৱ প্ৰকাশ বৰুৱা¸ মৃনাল তালুকদাৰ¸ অনুপম নাথ আৰু বিদ্যুত কলিতা আদি।
অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থী সকলৰ মাজত এখনি ক্ৰীড়া বিষয়ক বাতৰি লিখা প্ৰতিযোগিতাও অনুষ্ঠিত হয়। উক্ত কৰ্মশালাৰ লগত সংগতি ৰাখি দৰঙৰ প্ৰথম সাংবাদিক প্ৰতাপ বৰদলৈ আৰু আন্তঃৰাষ্ট্ৰীয় এথেলেট কুঞ্জলতা বড়োক সম্বৰ্ধনা জনোৱা হয়।