কোকিলাঃ বানৰ কবলত পৰা ৰাজ্যৰ কেইবাখনো জিলাৰ লোক আজিও ককবকাই থাকিব লগা হৈছে৷ এটুপি বিশুদ্ধ খোৱা পানী, এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হোৱা লোকসকলে এতিয়া যাতায়াতৰ বাবে ব্যাপক সমস্যাত পৰিছে৷

মাজুলিত মানুহে কলৰ ভূৰত উঠি যাতায়াত কৰিব লগা হোৱাৰ লগতে বঙাইগাঁও জিলাতো তুলুঙা নাৱত উঠি বিপদসংকুল ভাবে যাতায়াত কৰিব লগা হৈছে৷ বঙাইগাঁও জিলাৰ মানিকপুৰৰ লুংঝাৰত মানাহ নৈৰ ওপৰত থকা বাহৰ দলং খন বাঢ়নী পানীয়ে উটুৱাই নিয়ে৷ চৰকাৰে এখন দলং নিৰ্মাণ নকৰাত ৰাইজে বছৰ বছৰ ধৰি গাঁঠিৰ ধন ভাঙি বাহৰ দলং সাজি আহ-যাহ কৰি আহিছিল যদিও বানে বাহৰ দলং খন উটুৱাই নিয়াত মুৰে কপালে হাত দিব লগা হৈছে ৰাইজে৷

যাতায়াতৰ একমাত্ৰ ভৰষা দলং খন উটুৱাই নিয়াৰ ফলত পাতিলাদহা-বিজনী সংযোগী গ্ৰাম্য পথটোত যাতায়াত ব্যাহত হৈ পৰে৷ এতিয়া নৈ খনেৰে তুলুঙা নাৱেৰে বিপদসংকুল ভাবে পাৰ হৈ বহিঃ বিশ্বৰে যোগাযোগ কৰিব লগা হয় ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ীয়ে৷ প্ৰায় ৪৫ খন গাঁৱৰ লোকে এতিয়া তুলুঙা নাৱত উঠি আহ-যাহ কৰিব লগা হৈছে৷ স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে মৰণক শৰণ কৰি বিপদ সংকুল ভাবে নাৱৰে পাৰা হোৱাৰ ফলত অভিভাৱকে চিন্তিত হৈ পৰিছে৷

পাতিলাদহা হাই স্কুল মানিকপুৰ কলেজত এতিয়া এনেদৰে ছাত্ৰ-ছাত্ৰীয়ে আহ-যাহ কৰিব লগা হয়। সাধাৰম ৰোগী এতিয়া কান্ধত অনা-নিয়া কৰিব লগা হয়৷ দলং নথকাৰ বাবেএম্বুলেঞ্চ আহিব নোৱাৰা হয়৷

চৰকাৰ তথা প্ৰশাসনে  হাজাৰ হাজাৰ লোকৰ বাবে বিশেষ ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই৷