চৰাইদেউঃ কলেজীয়া ছাত্ৰীক হোটেললৈ নি মৰমৰ চলেৰে মোবাইলত সমগ্ৰ অৱয়ব আৱদ্ধ কৰি পলমকৈ হ'লেও বিপদত পৰিল আতিকুল হুছেইন নামৰ লোকজন। জানিব পৰা মতে, দুষ্ট বুদ্ধিত পাকৈত আতিকুলে নাম সলনি কৰি নিজকে অভিজিৎ গগৈ বুলি পৰিচয় দি দিন দিয়েক পূৰ্বে নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক এখন বিশেষ হোটেললৈ লৈ যায়।

হোটেললৈ নি শিৱসাগৰ জেঙনীকটীয়াৰ আতিকুলে ছাত্ৰীগৰাকীক শীতল পানীয়ত উত্তেজক দ্ৰব্য মিহলাই খাবলৈ দি অনৈতিক কাৰ্য সংঘটিত কৰে। তাতেই ক্ষান্ত নাথাকি নাম সলনি কৰা আতিকুলে সমগ্ৰ ঘটনাৰ এম এছ এছ ৰাজহুৱা কৰি দিয়ে।

এই ঘটনাক লৈ ২৪ আগষ্টৰ নিশা আমগুৰি আৰু নামতি অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পিছতে শুকুৰবাৰে শিৱসাগৰ আৰু মথুৰাপুৰ আৰক্ষীয়ে যৌথ অভিযান চলাই চৰাইদেউৰ দ'লবাগান অঞ্চলৰ পৰা আটিকুল হুছেইনক গ্ৰেপ্তাৰ কৰে।

মথুৰাপুৰ থানাত আৰক্ষীৰ জেৰাত যুৱকজনে এম এম এছ কাণ্ডত জড়িত বুলি স্বীকাৰ কৰে। উল্লেখ্য যে
মোবাইলত অনৈতিক কাৰ্যৰ সমগ্ৰ দৃশ্য ৰেকৰ্ডিং কৰি হোৱাটছএপত আপলোড কৰি  যুৱকজনে যুৱতী গৰাকীক লজ্জানত কৰাৰ লগতে সামাজিক মাধ্যমৰ অপপ্ৰয়োগ কৰি বিষবাষ্প বিয়পোৱাৰ অভিসন্ধি কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

নিজৰ ধৰ্মীয় পৰিচয় গোপন কৰিবলৈ যুৱকজনে নাম সলনি কৰা কাৰ্যতো ৰহস্যৰ গোন্ধ পাইছে স্থানীয় লোকসকলে। এই ঘটনাৰ পাছতে নামতি অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আৰক্ষী অধীক্ষক সুবোধ সোণোৱালে এক সংবাদ মেলযোগে আতিকুল ওৰফে অভিজিৎ গগৈক গ্ৰেপ্তাৰৰ তথ্য সদৰী কৰি সকলো পক্ষকে শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায়।