প্ৰতিকী ফটো,উৎস ইন্টাৰনেট, Timesrilanka.com
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,Timesrilanka.com

ওদালগুৰিঃ বৰবাবুক অপহৰণ কৰিলে দুৰ্বৃত্তই৷ ওদালগুৰিত সংঘটিত হয় এই চাঞ্চল্যকৰ অপহৰণ কাণ্ড। কাৰ্যালয়ৰ পৰাই অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰে কৃষি বিভাগৰ বৰ'বাবু ফতেন্দ্ৰ বসুমতাৰীক।আজি কাৰ্যালয় বন্ধ আছিল যদিও বিশেষ কামৰ বাবে কাৰ্যালয়ত থকা অৱস্থাত ১০জনীয়া এটি দলে মুখত খ'লা কাপোৰ বান্ধি আহি অপহৰণ কৰি লৈ যায় কৰ্মচাৰীগৰাকীক।

অৱশ্যে সন্ধিয়া চহৰখনৰ সমীপৱৰ্তী মনপুৰত এৰি থৈ যায় অপহৃত ফতেন্দ্ৰ বসুমতাৰীক।আগন্তুক দুদিনৰ ভিতৰত ১০লাখ টকাৰ ধনদাবী কৰে দলটোৱে।

জানিব পৰা মতে অপহৰণকাৰী দলটোৱে কৰ্মচাৰী গৰাকীক উলংগ কৰি বিভিন্ন ধৰণৰ ফটো উঠাই ৰাখে। ১০লাখ টকা নিদিলে এই ফটো ছ'চিয়েল মিডিয়াত দিয়াৰো ভাবুকি প্ৰদান কৰে দলটোৱে।বৰ্তমান কৰ্মচাৰীজন ওদালগুৰি আৰক্ষী থানাত আছে।আৰক্ষীয়ে দলটোক বিচাৰি অভিযান অব্যাহত ৰাখিছে।ঘটনাটোৱে সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।