27
Aug
2017

নগাঁওঃ নগাঁও জিলাৰ জুৰীয়াত সংঘটিত হ’ল এক নৃশংস হত্যাকাণ্ড৷ শনিবাৰে নিশা জুৰীয়াৰ কোলাডুবা গাঁৱৰ এগৰাকী মহিলাক দুৰ্বত্তই ঘৰৰ ভিতৰত প্ৰবেশ কৰি হত্য়া কৰে। জানিব পৰা মতে, মহিলা গৰাকীৰ ঘৰৰ বেৰ কাটি দুৰ্বৃত্তই প্চোৰবেশ কৰে ঘৰত। পাছত চোকা অস্ত্ৰৰে ডিঙি ৰেপি নৃশংসভাবে হত্যা কৰে নুৰজাহান বেগম নামৰ মহিলাগৰাকীক৷
স্থানীয় ৰাইজে মহিলাগৰাকীক দুৰ্বৃত্তই বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷ ঘটনাই অঞ্চলটোত চাঞ্চল্য়ৰ সৃষ্টি কৰিছে।