দলংঘাটঃ দৰং জিলাৰ বালিপোতা চৰনধৰাত অসম নাথ যোগী ছাত্ৰ সন্থাৰ দৰং জিলা ছাত্ৰ সন্থা গঠনৰ উদ্দেশ্যেৰে কিৰণ নাথৰ সভাপতিত্বত সাধাৰণ সভাখন অনুস্থিত হয়। সভাখনত কেন্দ্ৰীয় সমিতিৰ সভাপতি ধনমনি শইকীয়া, সম্পাদক অৰবিন্দ্ৰ নাথৰ লগতে দুগৰাকী কেন্দ্ৰিয় সদস্যও উপস্থিত থাকে।

সভাত শিক্ষা, সাংস্কৃতিক, সামাজিক আদি বিষয়ৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়৷ আলোচনা চক্ৰত নাথ যোগী জাতিটোক চৰকাৰে কৰি অহা অবহেলাৰ ওপৰত আলোচনা কৰাৰ উপৰিও ভৱিষ্যতে জাতিটো যাতে ৰাজনৈতিক সামাজিক ক্ষেত্ৰ খনত সবল ভাবে আগবাঢ়ি যাব পাৰে তাৰ ওপৰত আলোচনা কৰা হয়৷

আলোচলা চক্ৰৰ শেষত দৈৱশক্তি নাথক সভাপতি, ৰঞ্জন শইকীয়াক সম্পাদক আৰু কংকন নাথক সহঃ সম্পাদক হিচাপে লৈ ২৭ জনীয়া দৰং জিলা সমিতি সমিতিখন গঠনৰ কাম সম্পূৰ্ণ কৰে৷