28
Aug
2017

জোনাইঃ আমচাঙৰ উচ্ছেদ৷ খিলঞ্জীয়া ভূমিপুত্ৰক উচ্ছেদ কৰাৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যজুৰি বিয়পিছে প্ৰতিবাদৰ হুংকাৰ৷ অসমৰ মিচিং অধ্যুষিত অঞ্চলৰ লগতে দেওবাৰে সন্ধিয়া জোনাইতো TMPK-MMK-TMMKৰ জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া জিলাৰ নামফাইৰ পৰা খানাপাৰাৰ আমচাঙলৈ ভূমিপুত্ৰ মিচিং সকলক উচ্ছেদ অভিযান বন্ধ কৰা আৰু বানে মষিমুৰ কৰা লাইকা দধিয়া আদি বিভিন্ন প্ৰান্তত ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপনৰ দাবীত জোঁৰ সমদল উলিয়ায়।
সমদলত অংশ লৈ প্ৰতিবাদকাৰী সকলে কাৰী সকলে নামফাইৰ পৰা আমচাঙলৈ উচ্ছেদ অভিযান বন্ধ কৰাৰ দাবীত TMPK LONG LIVE, MMK LONG LIVE, TMMK LONG LIVE, আদি শ্ল’গানেৰে জোনাইৰ আকাশ বতাহ কপাই তোলে৷ সমদলত TMPKৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি নৰেশ কুম্বাঙেও অংশগ্ৰহণ কৰে।