
অভয়াপুৰীঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীত আজি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ৷ দুই শতাধিক ছাত্ৰ ছাত্ৰীৰ দপদপনিৰে ভৰি পৰে ২ নং ৰাজ্যিক ঘাইপথ৷
ভাড়া বৃদ্ধি আৰু টেম্পোচালকৰ দূৰ্ব্যৱহাৰৰহ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে৷ উল্লেখ্য যে, টেম্পোচালক সকলে আগতীয়াকৈ নজোনোৱাকৈ প্ৰায়েই ভাড়াবৃদ্ধি কৰে আৰু এই সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলে প্ৰশ্ন কৰিলে টেম্পোচালক সকলে ছাত্ৰ-ছাত্ৰীসকলক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তোলে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে।
আজি উপায়ন্তৰ হৈ ছাত্ৰ-ছাত্ৰীসকলে টেম্পোচালক সকলৰ দুৰ্ব্যৱহাৰ আৰু টেম্পোৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে, ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ভাড়া ৫ টকা কৰাৰ দাবীত আজি প্ৰায় এঘন্টা পথ অৱৰোধ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে৷
প্ৰতিবাদস্থলী উত্তাল হোৱাৰ সময়তে আৰক্ষী আৰু কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হয়। কাৰ্যবাহী দণ্ডাধীশৰ আশ্বাসত প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ কাৰ্যসূচী উঠায় লয়৷