28
Aug
2017

কোকিলাঃ বঙাইগাঁও জিলাৰ মানিকপুৰ ভাটিপাৰাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ধুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয়৷ এএছ ১৯-ডি-২০৩৫ আৰু এএছ ১৫-ই-১৬২৭ নম্বৰৰ বাইক দুখনৰ মাজত হোৱা মুখামুখি দুৰ্ঘটনাত শিশুসহ চাৰিজন বাইক আৰোহী গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়৷
বৰপেটা ৰোডৰ বিশ্বজিত দাস আৰু সুৰজিত দাস আৰু শিয়ালমাৰীৰ দয়াল ৰায় আৰু মেঘৰঞ্জনী ৰায় নামৰ আহত লোক কেইজনক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷