বাঘবৰঃ নদী পথেৰে নাৱেৰে অহা গৰু চোৰ ধৰিবলৈ গৈ ৰোষত পৰিল অসম আৰক্ষী৷ বৰপেটা জিলাৰ বাঘবৰ আৰু আলোপতি আৰক্ষী থানাৰ আন্তৰ্গত বাঘবৰ চৰাঞ্চলত সংঘটিত হ’ল এই ঘটনা৷ কিছুদিন পূৰ্বে অস্ত্ৰৰে সু-সজ্জিত এটি চোৰৰ দলে বাঘবৰৰ সুখোৱাৰঝাৰ চৰত একে নিশাই ৩০ পৰিয়ালৰ ঘৰ ভাঙি লুট-পাট চলোৱাৰ লগতে কেইবাজনো লোকক আক্ৰমণ কৰে৷

পুনৰ সোমবাৰে নিশা নদী পথেৰে চৰাঞ্চলৰ পৰা নাৱেৰে গৰু চুৰ কৰিবলৈ অহা চেকান্দাৰ আলী, ৰফিকুল ইছলাম, মান্নাফ আলী, কমল উদ্দিন আৰু আব্দুল বাতেনক পাহাৰপুৰ কাতুলিত হাতে লোটে ধৰি চুৰি গৰু সহিতে ৰাইজে ধৰি উত্তম-মাধ্যম শোধায়৷ ৰাইজে চোৰক ধৰি ঔকিল শোধায় থকাৰ খবৰ লাভ কৰি ততাতৈয়াকৈ মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এম. ব্ৰহ্মৰ নেতৃত্বত এটি দল পাহাৰপুৰ কাতুলিত উপস্থিত হয়৷

বাৰাম্বাৰ প্ৰশাসনক গৰু চোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই অহাৰ পাছতো আৰক্ষীয়ে ব্যৱস্থা নোলোৱাত ক্ষোভিত লোকসকলে  আৰক্ষীক দেখি উত্তেজিত হৈ পৰে৷ ৰাইজে ধৰা চোৰ আনিবলৈ গৈ ৰোষত পৰে আৰক্ষীয়ে৷ মন্দিয়া আৰক্ষীয়ে ২২৬/২০১৭ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আনহাতে চোৰৰ দলটোৱে ব্যৱহাৰ কৰা নাৱৰ পৰা আৰক্ষীয়ে দুটা হস্তনিৰ্মিত বোমা সহ বিস্ফোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷