
নগাঁওঃ সামাজিক-সাংস্কৃতিক অনুষ্ঠান আৰোহন আৰ্টিষ্ট গীল্ডে এইবেলি আৰোহন শিল্পী বঁটা ২০১৬--১৭ প্ৰদান কৰিব নগাঁৱৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী পদুম প্ৰসাদ শইকীয়াক৷
নিৰৱচ্চিন্নভাৱে অসমীয়া লোক কৃষ্টি-সংস্কৃতিৰ সাধনা অব্যাহত ৰাখি সংস্কৃতিৰ বিশাল ক্ষেত্ৰখনক অধিক পৰিমাণে সমৃদ্ধিশালী কৰি তোলাৰ কৰ্মত ব্ৰতী হৈ থকা শইকীয়াই এই বঁটা লাভ কৰাত নগাঁৱৰ ৰাইজ উৎফুল্লিত হৈ পৰে৷
অহা ৮ ছেপ্টেম্বৰত বিশ্ব বৰেণ্য শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ পৱিত্ৰ জন্মদিনৰ লগত সংগতি ৰাখি গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এক বৰ্ণাঢ্য সাংস্কৃতিক সমাৰোহত ৰাজ্যৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ’ব৷
উল্লেখ্য, নগাঁও চহৰৰ ছোট হয়বৰগাঁৱৰ যশোদা নগৰৰ বাসিন্দা পদুম প্ৰসাদ শইকীয়া একেধাৰে মঞ্চ অভিনেতা, নাট পৰিচালক, বিহুৱা, বিহু বিশেষজ্ঞ আৰু বিহুৰ সমল ব্যক্তি হোৱাৰ লগতে এগৰাকী ভাল প্ৰবন্ধকাৰো৷ বিভিন্ন বিষয়ৰ প্ৰবন্ধসমূহ ইতিমধ্যে অসমৰ প্ৰায়বোৰ দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱাৰ লগতে প্ৰান্তিক, মূৰ্চ্ছনা, ৰণাংগণ, সম্ভাৰ আদি বহুসংখ্যক আলোচনীতো প্ৰকাশ পাইছে৷