কোকৰাঝাৰঃ বিটিচি বিধান পৰিষদীয় ভৱনত যোৱাকালিৰে পৰা দুদিনীয়াকৈ কাৰ্যসূচীৰে আৰম্ভ হোৱা গ্ৰীষ্মকালীন অধিবেশনখনৰ আজি সামৰনি পৰে৷ উল্লেখ্য যে বিধান পৰিষদীয় অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত আজি অন্তিম দিনা সদনৰ মজিয়াত বিৰোধীৰ প্ৰৱল আপত্তি আৰু সংশোধনৰ দাবীত পৰিষদীয় চৰকাৰখনে নতুনকৈ গৃহীত কৰিব বিচৰা বিটিচি শিক্ষা বিধেয়ক "২০১৭" খন অৱশেষত সাময়িকভাৱে স্থগিত ৰাখে।

বিধেয়কখনৰ আসোঁৱাহসমুহ দুৰ কৰি পৰৱৰ্তী পৰ্যায়ত বিশেষ অধিবেশনৰ যোগেদি গৃহীত কৰাৰ সিদ্ধান্ত সদনে গ্ৰহন কৰে ৷ ইফালে অধিবেশন সন্দৰ্ভত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিচিৰ ২০০৮-২০১৪ চনলৈ কেগ প্ৰতিবেদনৰ ওপৰত আলোচনা কৰা হৈছে আৰু এই প্ৰতিবেদন পাব্লিক একাউন্টছ কমিটীয়ে চালিজাৰি চাব বুলি মন্তব্য কৰে ৷ তেওঁ বিটিচি অঞ্চলৰ খাচ ভূমি,বনাঞ্চলৰ ভূমি,চৰকাৰী ভূমি আৰু পাট্ৰা ভূমি কিমান আছে সেই সকলো দিশৰ ওপৰত আগন্তুক ২০১৮ চনৰ ভিতৰত জৰীপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

মহিলাৰীয়ে আজিৰ সদনত নতুনকৈ প্ৰৱৰ্তন কৰিবলগীয়া শিক্ষাৰ বিধেয়কখনক লৈ বিৰোধীয়ে বিতৰ্কৰ সৃষ্টি কৰাত অহা ছেপ্তেম্বৰ মাহৰ ভিতৰতে বিটিচি অঞ্চলৰ সুস্থ শৈক্ষিক বাতাবৰন আৰু ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ সংশোধনৰে বিধেয়কখন গৃহীত কৰাৰ আশ্বাস দিয়ে ৷আনপিনে আজি সদনৰ মজিয়াত বিটিচি শিক্ষা বিধেয়কখনক লৈ বিৰোধী দলপতি ৰণগৌৰা নাৰ্জাৰীয়ে বিটিচি অঞ্চলৰ শৈক্ষিক পৰিবেশ অনুকুল নোহোৱাৰ বাবে শৈক্ষিক বিধেয়কখন পুনৰ সংশোধনৰ দাবী উত্থাপন কৰে ৷

তেওঁ ষষ্ট অনুসুচীৰ অন্তৰ্ভুক্ত বিটিচিক অধিক ক্ষমতা আৰু আইন হস্তান্তৰ কৰাৰ সুযোগ দিয়াৰ পিছতো বিটিচি শিক্ষা বিভাগে বিধেয়ক খন শৈক্ষিক দিশত লক্ষ্য ৰাখি সংশোধন ঘটোৱাটো জনস্বাৰ্থৰ বাবে লাভাম্বিত হব বুলি কয় ৷ আনহাতে বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে সদনৰ মজিয়াত উত্থাপন কৰা শিক্ষা বিধেয়কখনক লৈ নিজৰ মত ব্যক্ত কৰি কয় যে অসম চৰকাৰৰ শিক্ষাৰ বিধেয়কৰ লেখিয়াকৈ কিছু সাল সলনি ঘটাই বিটিচিৰ শিক্ষা বিধেয়কখন কাৰ্যকৰী কৰা হৈছে ৷

এইক্ষেত্ৰত আজি বিৰোধীৰ প্ৰৱল আপত্তিত বিধেয়কখন পুনৰ সংশোধনৰে বিবেচনা কৰা হব বুলি বৰগয়াৰীয়ে মন্তব্য কৰিছে । তেওঁ লগতে অসমত দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় নামাকৰণক লৈ বিতৰ্কৰ সন্দৰ্ভত কয় যে নামাকৰণ কোনো ডাঙৰ কথা নহয়৷ এইক্ষেত্ৰত অসমত দীনদয়াল উপাধ্যায় মহাবিদ্যালয় যদি নালাগে তেনেহলে সমূদায় বড়োলেণ্ডক দিয়ক বুলি মন্তব্য প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে আজি সামৰনি পৰা বিটিচি গ্ৰীষ্মকালীন অধিবেশনত লক্ষ্যণীয়ভাৱে বিটিচিত অবৈধভাৱে চিৰাং জিলাৰ ঢালিগাওঁত স্থাপন কৰা কাৰ্বন ফেক্টৰী এটাক বন্ধ কৰাৰ বাবে উমৈহতীয়া সিদ্ধান্ত সদনে গ্ৰহণ কৰে।