
আমগুৰিঃ পৰকীয়া প্ৰেমত পৰি এতিয়া বাতৰিৰ শিৰোনাম হ’ল এজন লম্পট স্বামী৷ শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ বৰুৱা পুখুৰী গাঁৱৰ ঘটনা এয়া৷ মুছলমান ধৰ্মাৱলম্বী মহিলাসকলৰ বাবে অভিশপ্ত হৈ পৰা তালাকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিলেও এতিয়াও এই তালাকৰ হাতোৰাৰ পৰা ৰক্ষা পৰা নাই মহিলাসকল৷
নবৌৱেকৰ সৈতে অবৈধ সম্পৰ্কৰ ফলশ্ৰুতিত শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ বৰুৱা পুখুৰী কোঁৱৰ গাঁও নিবাসী স্বামীৰ পৰা তালাকৰ ভাবুকি পালে নাজমা বেগম নামৰ এগৰাকী মহিলাই৷ বৌৱেকৰ লগত অবৈধ প্ৰেমৰ বাবেই পত্নীক তালাক বিচাৰিছে মহম্মদ ৰেকিবুল হুছেইন নামৰ লম্পট স্বামীয়ে।
মঃ ৰেকিবুল হুচেইনে পত্নীক টোপনিৰ ঔষধ খুৱাই বহুদিনৰ পৰা নাজমাৰ ককায়েকৰ পত্নী ৰিমা বেগমৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি তুলিছিল৷ দুয়োৰে অবৈধ সম্পৰ্ক পোহৰলৈ অহাত লম্পট ৰেকিবুলে পত্নীক মাৰধৰ কৰাৰ লগতে তালাকৰ ভাবুকি দি বহুদিন ধৰি অত্যাচাৰ কৰি আহিছে৷
লক্ষণীয়ভাৱে ৰেকিবুল হুচেইনে ৰিমা বেগমৰ লগত বহুদিনৰে পৰা আমগুৰিৰ বাহিৰত অবৈধ প্ৰেম চলাই অহাৰ লগতে নিজ পত্নীক শাৰীৰিক মানসিক অত্যাচাৰ চলাই নিচাযুক্ত ঔষধ খুৱাই শাৰীৰিক ভাৱে অসুস্থ কৰি তুলিছে৷ আনহাতে ৰেকিবুলৰ পত্নী ৰিমা বেগমে স্বামী তথা নাজমাৰ ককায়েক নেকিবুলৰ পৰাও তালাক বিচৰা বুলি অভিযোগ আনিছে।
বৰ্তমান ৰেকিবুল আৰু ৰিমা আমগুৰিৰ বাহিৰত থকাত আৰ্থিক আৰু মানসিক সংকোচনত ভুগিছে দুৰ্ভগীয়া মহিলাগৰাকী।
উল্লেখ যোগ্য যে, উচ্চতম ন্যায়ালয়ে তিনি তালাক প্ৰথাৰ ওপৰত নিষেধাজ্ঞা জাৰী কৰাৰ পাছতো অবৈধ সম্পৰ্ক ৰক্ষা কৰিবলৈ এই দুৰ্ভগীয়া মহিলা গৰাকীক অত্যাচাৰ কৰা ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে৷