মৰিয়নীঃ দুদিন পূৰেবে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নীত ডিজেল ছেদ কাৰ্য্যক্ষম কৰাৰ দাবীত এক বিশাল গণ আন্দোলন গঢ়ি তোলাৰ পাছত আজি পুনৰ অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ মৰিয়নী শাখাই  ডিজেল ছেদ কাৰ্যক্ষম কৰাৰ দাবীত অৱস্থান ধমঘট কাৰ্য্যসূচী পালন কৰে৷

উল্লেখযোগ্য যে মৰিয়নী ডিজেল ছেদ সম্পূৰ্ণ হোৱাৰ পিছতো এতিয়ালৈকে ৰেল বিভাগৰৰ হেমাহিৰ কাৰণে আজিলৈকে কাৰ্যক্ষম কৰাৰ বাবে কোনো ব্যৱস্থা কৰা হোৱা নাই বুলি অভিযোগ তোলে যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নী শাখাই৷