
গোৰেশ্বৰঃ ৫ চেপ্তেম্বৰৰ শিক্ষক দিৱসৰ প্ৰাক মুহূৰ্তত বাগসা জিলাৰ গোৰেশ্বৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ১৪৬ নং সৰুফুলচ'কী নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গোলাপলতা গোস্বামীক বাচনি কৰা হৈছে ৰাষ্ট্ৰীয় কৃতী শিক্ষয়িত্ৰী বঁটাৰ বাবে।
অহা ৫ চেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনা নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই প্ৰদান কৰিব এই বটাঁ। ১৯৭৮ চনত কামৰূপ জিলাৰ সোনাৰীশাল গোপালদেৱ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা জীৱন আৰম্ভ কৰা গোস্বামীয়ে ১৯৮৬ চনৰ পৰা সৰুফুলচ'কী নিম্ন বুনিয়াদী বিদ্যালয়ত যোগদান কৰে।
১৯৯৬ চনৰ পৰা তেওঁ উক্ত বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত হৈ আছে। ৰাষ্ট্ৰীয় বঁটাৰ বাবে বাচনি হোৱা গোস্বামীয়ে ইয়াৰ পূৰ্বে ২০০৭ চনত বাগসা জিলাৰ কৰ্মৰত কৃতী শিক্ষয়িত্ৰীৰ বঁটা লাভ কৰাৰ লগতে ২০০৯ চনত অসম চৰকাৰৰ পৰা ৰাজ্যিক কৃতী শিক্ষয়িত্ৰীৰ বঁটাও লাভ কৰিছিল।
ইতিমধ্যে গোলাপলতা গোস্বামী গোৰেশ্বৰ অঞ্চলৰ কেবাটাও সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ থকাৰ লগতে অসম বিজ্ঞান সমিতিৰ আজীৱন আৰু অসম সাহিত্য সভাৰো এগৰাকী হিতৈষী সভ্য।
গোস্বামীয়ে বৰ্তমানলৈ ৫ খন শিশু উপযোগী গ্ৰন্থৰ লগতে সাধুকথাৰ পুথিও প্ৰকাশ কৰিছে। গোৰেশ্বৰ আঞ্চলিক আছু, স্থানীয় ৰাইজে তেওঁ এই সাফল্যৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰিছে। গোলাপলতা গোস্বামীৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে গোৰেশ্বৰৰ শৈক্ষিক মহল।