নগাঁওঃ চিপ চিপ বৰষুণত ভিজাৰ হেপাঁহ কাৰ নাথাকে বাৰু৷ কিন্তু বৰষুণ যেতিয়া মুষলধাৰ হয় আৰু এজাক বৰষুণতে যেতিয়া ভৰি পৰে ৰাজপথ, কোন বাৰু তেতিয়া সুখী হব পাৰে৷ নগাঁও চহৰতো এতিয়া তেনে অৱস্থা৷

এজাক বৰষুণতে ডুবিল নগাঁও-বৰদোৱা সংযোগী পথ৷ প্ৰলয়ংকাৰী বানে জিলাখন এফালৰ পৰা সৰ্বশ্ৰান্ত কৰাৰ পাছতেই এতিয়া নগাঁও চহৰৰ হুজ গাঁও অঞ্চলৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই পথটোৰ বাবে। ইয়াৰ ফলত বহুত যান-যঁটৰ সমস্যাৰ সন্মুখীন হৈছে যাত্ৰী সকল।

উল্লেখযোগ্য যে এই নগাঁও পৰা বৰদোৱা সংযোগী মূল ঘাইপথটোৰ বাবে বিভাগীয় কৰ্তৃপক্ষই অনাগত সময়ত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষনীয় বিষয় হৈ পৰিছে।