চৰাইদেউঃ নিতৌ ব্যৱহাৰ্য সামগ্ৰী ৰন্ধন গেছৰ আকস্মিক মূল্যবৃদ্ধিত জ্বলি উঠিছে সমগ্ৰ ৰাজ্য৷ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে প্ৰতিবাদী হৈ উঠিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন৷

আজি ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে চৰাইদেউ জিলাতো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে ৰন্ধন গেছৰ মুল্যবৃদ্ধিৰ প্ৰতিবাদত প্ৰেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰে৷  

উক্ত প্ৰতিবাদ চৰাইদেউ জিলাৰ পৰিষদৰ মূখ্য কাৰ্য্যালয়ৰ সন্মুখত সাব্যস্ত কৰে৷ বিজেপি নেতৃত্বাধীন চৰকাৰখনক কটাক্ষ কৰি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰে প্ৰতিবাদকাৰীয়ে।