কাছাৰঃ ৰাজ্যত বৃদ্ধি পাইছে বাবাখোৰ৷ বৃদ্ধি পাইছে নিচাজাতীয় সামগ্ৰীৰ অবৈধ ব্যৱসায়৷ ৰাজ্যৰ নগাঁও, গোৱালপাৰা, ধুবুৰী আদি জিলাৰ বিভিন্ন অঞ্চলত অবৈধ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হোৱাৰ পাছত বৃহস্পতিবাৰে কাছাৰ জিলাৰ কাটিগড়াত উদ্ধাৰ হয় ট্ৰাক ভৰ্তি ভাং৷

আগৰতলা পৰা শিলিগুৰি গৈ থকা অৱস্থাত কাটিগড়াৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত কাটিগড় আৰক্ষীয়ে ভাং নি থকা ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়৷  কাটিগড়া আৰক্ষীৰ এটা দলে ট্ৰাকখনৰ পৰা প্ৰায় ৫০ কেজি অবৈধ ভাং উদ্ধাৰ কৰে৷ লগতে আৰক্ষীয়ে ট্ৰাকখনৰ চালকৰ আসনৰ পৰা মোহন শ্যাম নামৰ উত্তৰ প্ৰদেশৰ মথুৰাৰ ব্যক্তি এজনক আটক কৰিবলৈ সক্ষম হয়৷

আৰক্ষীৰ আগত মোহন শ্যামৰ ভাষ্য অনুসৰি ট্ৰাকখনৰ প্ৰকৃত চালক বাবুল শৰ্মা নামৰ ব্যক্তিগৰাকীয়ে আৰক্ষী দেখি গাড়ীৰ পৰা পলায়ন কৰে৷ আনহাতে মোহন শ্যাম নামৰ ব্যক্তিজনে ট্ৰাকৰ ভিতৰত আবৈধ ভাং ক’ৰ পৰা আহিল, সেয়া নাজানে বুলি দোষৰ পৰা ফালৰি কাটিবলৈ চেষ্টা চলায়৷

সম্প্ৰতি কাটিগড়া আৰক্ষীয়ে ব্যক্তিজনক নিজৰ জিম্মাত ৰাখি সোধ-পোচ অব্যাহত ৰাখিছে৷