
অভয়াপুৰীঃ অভয়াপুৰী থানাৰ অন্তৰ্গত উত্তৰ শালমাৰাৰ মহাদেৱ পাহাৰত আজি এটি মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত তীব্র চাঞ্চল্য সৃষ্টি হৈছে। আজি দুপৰীয়া উত্তৰ শালমাৰাৰ মহাদেৱ পাহাৰৰ মহাময়া মন্দিৰৰ সমীপত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি ততালিকে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
উল্লেখ্য যে, মৃতদেহটোৰ লগত উদ্ধাৰ হোৱা মোবাইলৰ ছিম কাৰ্ডৰ জৰিয়তে আৰক্ষীয়ে যোগাযোগ কৰাত মৃতদেহটো ঘিলাগুৰী নিবাসী জগদীশ বিশ্বাসৰ পুত্ৰ নীলকমল বিশ্বাস (১৭) বুলি চিনাক্তকৰণ হয়। ইপিনে মৃতদেহটোৰ কাষত এখন মোনা ,কিছু কাপোৰ আৰু খেতি পথাৰত ব্যৱহাৰ কৰা কীটনাশকৰ এটি বটল আৰক্ষীয়ে উদ্ধাৰ কৰে।
আনপিনে যুৱকজনৰ মৃত্যু বহুদিন উকলি যোৱাৰ বাবে আন জন্তুয়ে মৃতদেহটো ভক্ষণ কৰাৰ লগতে গলিবলৈ ধৰিছিল বুলি আৰক্ষী আৰু স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত নীলকমলৰ আত্মীয়ই জানিবলৈ দিয়া মতে এমাহ মানৰ আগতেই নীলকমল কাম কৰিবলৈ যাম বুলি ঘৰৰপৰা গুৱাহাটীলৈ গৈছিল আৰু তেতিয়াৰ পৰাই পৰিয়ালৰ লগত কোনো ধৰণৰ যোগাযোগ নাছিল নীলকমলৰ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এয়া আত্মহত্যা নে হত্যা, সেই কথা এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে নীলকমল বিশ্বাসৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।