বাইহাটা চাৰিআলিঃ তেওঁৰ ঘৰ ক’ত কোনেও নাজানে৷ সৰু টাউন খনলৈ ক’ৰ পৰা আহিল কোনেও নাজানে৷ নিজৰ ৰঙীন পৃথিৱী খনত সুখী তেও৷ তেওঁৰ শৈশৱ-যৌৱনৰ কথাও কোনেও নাজানে৷ তেওঁ এতিয়া বসবাস কৰি থকা সৰু টাউনখনৰ লোক হয় নে নহয় সেই কথাও কোনেও নাজানে৷ মাথো কেইদিনমানৰ আলহী হৈ আহিছিল তেওঁ৷ মানুহৰ মাজত বিলীন হৈ গৈছিল তেওঁ৷

মানুহৰ আদৰ-মৰম লাভ কৰি এদিন-দুদিনকৈ বহু বছৰ পাৰ কৰিলে সৰু টাউন খনত৷ এতিয়াৰ সম্ভ্ৰান্ত মানুহৰ টাউন খনৰ বাসিন্দা যদিও তেওঁৰ আজিও নাই নিজস্ব ঠিকনা৷ তেওঁ ঠিকনাবিহীন যাযাবৰ৷ দাড়ি-গোফে ভোবোকাৰ মুখমণ্ডলৰ মানুহজনক টাউনখনৰ সকলোৱে চিনি পায়৷ তেওঁক দেখিলে বিখ্যাত শিল্পী যেন লাগে৷ চিন্তাৰ সগৰত ডুবি থকা লোক যেন লাগে৷

তেও যেন সৃষ্টিৰ সাগৰত ডুবি ন’ ন’ চিন্তা কৰা এগৰাকী শিল্পী৷ পদপথত কেইবাটাও ঠিকনা আছে তেওঁৰ৷ পানীৰ বটল, পলিথিনিত আটোমটোকাৰিকৈ বান্ধি ৰখা নানা সামগ্ৰীৰ অধিকাৰী তেওঁ৷ পদপথৰ গুহা সদৃশ ঠাইত থাকিও পৃথিৱীৰ সকলোতকৈ সুখী মানুহ তেওঁ৷ কোনেও তেওঁক পাগল বুলি কয়৷ তেওঁক পাগলামি কৰা টাউনখনৰ লোকে কাহানিওঁ দেখা নাই৷

তেওৰ নিজস্ব পৃথিৱীৰ ৰঙত বিভোৰ হৈ থাকে তেওঁ৷ কাৰো সৈতে মনোমালিন্য, হাই-কাজিয়া নকৰে তেওঁ৷ সুবিশাল আট্টালিকা নাথাকিলেও পদপথতে সুখী তেওঁ৷ ভাঙি ছিঙি জহি খহি যোৱা এটি ছালিৰ ঘৰ প্ৰতিদিনে তেওঁৰ হৈ পৰে৷ বহুতৰে দৃষ্টিত তেওঁ মানসিক ৰোগী৷ হ’লেও তেওঁ এজন মানুহ৷ তেওঁৰ নাম টাউনখনৰ নাজানে কোনে৷ তেওঁ বাস কৰা টাউনখনৰ নাম হৈছে বাইহাটা চাৰিআলী৷ তেওৰ নাম হ’ল চাচা৷

বাইহাটা চাৰিআলীৰ চ’ক বজাৰৰ মৰমী হোটেল, অনামিকা হোটেল,টি-পাৰ্ক, গ্ৰীনলেণ্ড ছুইটছ আদি হোটেলৰ গৰাকীয়ে নতুবা কৰ্মচাৰীয়ে তেওক খাবলৈ দিয়ে৷ টাউন খনৰ প্ৰতি খন হোটেলৰ লোকৰ ওপৰত তেঁওৰ যেন আছে অধিকাৰ৷ কেৱল হোটেলে নহয় সমগ্ৰ টাউন খনৰ ওপৰতে তেওঁৰ আছিল অধিকাৰ৷ পুৱ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, বাইহাটাত ৰখোৱা দুৰণীবটীয়া বাছৰ চালক হেণ্ডীমানেও জানে চাচাক৷

চাচাই হেনো বাইহাটা চাৰিআলীৰ কৱৰস্থান খন চাফ চিকুন কৰিছিল৷ কৱৰস্থানত বৃক্ষৰোপন কৰিছিল৷ চাচা সকলোৰে আপোন আছিল৷ চাচ জনপ্ৰিয় আছিল৷ কিন্তু চাচা আৰু এই পৃথিৱীত নাই৷ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰি এজন যুৱকে হত্যা কৰিলে চাচাক৷ মদৰ ৰাগিত মাতাল যুৱকে হত্যা কৰিলে চাচাক৷ ঘৰ ক’ত, প্ৰকৃত নাম কি কোনেও নাজানে যদিও এদিন কেইজনমান ব্যৱসায়ীৰ ওচৰত হেনো নিজৰ নামটো ফখৰুদ্দিন বুলি কৈছিল৷

কোনোবাই কিবা দিলে খাই নিশা কাৰোবাৰ দোকানৰ বাৰান্দা অথবা ঘৰৰ পিৰালিতে পৰি থকা চাচাক শিলেৰে খুন্দিয়াই হত্যা কৰে৷ মলিয়ন কাপোৰ, দীঘল চুলি-দাড়ি সেয়াই চাচাৰ পৰিচয়৷ দেওবাৰে নিশাও চাচাই বাইহাটা পুলিচ পইন্টৰ সমীপতে ৰৈ আছিল৷ সেই সময়তে টেটুলৈকে মদপান কৰি উপস্থিত হয় এজন যুৱক৷ অনাহকত চাচাৰ সৈতে তৰ্কত লিপ্ত হৈ পৰে নিচাগ্ৰস্ত যুৱকজনে৷ তৰ্কৰ মাজতে নিচাগ্ৰস্ত যুৱকজনে বাটৰ কাষৰ শিল বুটলি চাচাৰ মূৰত প্ৰহাৰ কৰে৷

প্ৰথমে এবাৰ৷ চাচাৰ মূৰ ফাটি তেজৰ স্ৰোত বয়৷ কিন্তু নিচাগ্ৰস্ত যুৱকজন ইমানতে ক্ষান্ত নাথাকিল৷ সি পুনৰ বৃদ্ধ চাচাৰ মূৰত, গাত শিলেৰে মৰিয়াবলৈ ধৰে৷ এবাৰ, দুবাৰ, বহুবাৰ৷ চাচাৰ অসহ্য আৰ্তনাদত কপি উঠে বাইহাটা৷ মষিমূৰ হৈ যায় নিশাৰ নিৰ্জনতা৷ শিলৰ কঠিন আঘাতত তেজেৰে ৰঙা হৈ পৰে চাচাৰ শৰীৰ৷ আৰু লাহে লাহে চাচাৰ উশাহৰ সূতাডাল চিঙি পৰে৷

কোনো স্থানীয় লোক ওলাই অহাৰ আগতে বাইহাটা পুলিচ পইন্টৰ সমীপতে উশাহহীন ভাৱে পৰি ৰয় সকলোৰে পৰিচিত চাচাৰ নশ্বৰ শৰীৰ৷ ঘটনাৰ পাছতে স্থানীয় ৰাইজৰ সহযোগত বাইহাটা আৰক্ষীয়ে ডুমুনিবাগনৰ বেনেডিক তিৰ্কী ওৰফে এচ ছানী নামৰ নৃশংস হত্যাকাৰী জনক আটক কৰিবলৈ সক্ষম হয়৷

এজন হোটেলৰ কৰ্মচাৰী বেনেডিক তিৰ্কীয়ে দানৱৰ ৰূপ ধাৰণ কৰি হত্যা কৰে চাচাক৷ ঘটনাক কেন্দ্ৰ কৰি বাইহাটা চাৰিআলিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ লগতে সকলোৰে পৰিচিত চাচাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে৷ হত্যাকাৰী বেনেডিক তিৰ্কী ওৰফে এচ ছানীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে দাবী জনায়৷